– গাজা পট্টীত বিমান আক্ৰমণৰ ফলত সন্ত্ৰাসবাদীৰ ওপৰত মোক্ষম আঘাত, ইছলামিক জেহাদৰ মুখ্য কাৰ্যালয়ো ধ্বংস
জেৰুজালেম, ১৫ অক্টোবৰ (হি.স.)। ইজৰাইলৰ বিমান আক্ৰমণত নিহত হৈছে হামাছৰ শীৰ্ষ কমাণ্ডাৰ বিলাল আল কাদৰা। এই বিমান আক্ৰমণত সন্ত্ৰাসবাদীৰ নিৰাপদ আশ্ৰয়স্থল হৈ পৰা ইছলামিক জেহাদৰ দুৰ্গ সদৃশ মুখ্য কাৰ্যালয়টো ভূপাতিত কৰি পেলোৱা হয়।
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি বিলাল আল কাদৰা দক্ষিণ খান ইউনিছ বেটেলিয়নৰ নাহবা বাহিনীৰ শীৰ্ষ কমাণ্ডাৰ আছিল। যোৱা ৭ অক্টোবৰত ইজৰাইলত ঘৰত প্ৰৱেশ কৰি নিৰীহ সাধাৰণ নাগৰিকক হত্যা কৰাৰ লগত জড়িত আছিল। দক্ষিণ ইজৰাইলৰ কিবুট্জ নিৰিম আৰু নিৰোজ অঞ্চলত হামাছে এক নিৰ্মম হত্যাকাণ্ড সংঘটিত কৰিছিল। সন্ত্ৰাসবাদী সংগঠন হামাছত কাম কৰাৰ সমান্তৰালকৈ কাদৰাই পেলেষ্টাইনৰ ইছলামিক জেহাদ সংগঠনতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছিল।
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ইজৰাইলৰ বায়ুসেনাই হামাছৰ কমাণ্ড চেণ্টাৰ, সামৰিক চৌহদ, কেইবা ডজন লঞ্চাৰ পেড, এণ্টি টেংক পোষ্ট আৰু ৱাচ টাৱাৰক ধ্বংসাৱশেষলৈ ৰূপান্তৰিত কৰিছে। এই আক্ৰমণত পেলেষ্টাইন ইছলামিক জেহাদ সন্ত্ৰাসবাদী সংগঠনৰ সামৰিক মুখ্য কাৰ্যালয়ো ধ্বংস কৰা হয়। এই আক্ৰমণত ডজন ডজন হামাছৰ আন্তঃগাঁথনি তাচ পাতৰ দৰে ছিন্নভিন্ন হৈ পৰে।
হিন্দুস্থান সমাচাৰ/মুকুন্দ/মনোজ/অৰবিন্দ
