
কিয়েভ, ০৭ ছেপ্টেম্বৰ (হি.স.)। ইউক্ৰেইনৰ ৰাজধানী কিয়েভত শনিবাৰে গভীৰ নিশাৰ পৰা দেওবাৰে পুৱালৈকে ৰাছিয়াই এতিয়ালৈকে সৰ্ববৃহৎ বিমান আক্ৰমণ চলাইছে। এই আক্ৰমণত ৩ জন লোক নিহত হোৱাৰ বিপৰীতে বহু লোক আহত হয়। ৰাছিয়াৰ এই আক্ৰমণত প্ৰথমবাৰৰ বাবে ইউক্ৰেইন চৰকাৰৰ মূল অট্টালিকাসমূহকো লক্ষ্য কৰি লোৱা হয়। এই আটাইকেইটা অট্টালিকাত অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপন কৰা দেখা গৈছিল আৰু সমগ্ৰ চহৰখনতে বিশৃংখল পৰিৱেশৰ সৃষ্টি হৈছিল।
কিয়েভ পোষ্টৰ তথ্য অনুসৰি ৰাছিয়াৰ সেনাই ইউক্ৰেইনৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই ৭৫১ টা লক্ষ্য ধ্বংস বা অক্ষম কৰা বুলি দাবী কৰিছে যদিও সমগ্ৰ দেশৰ ৩৭ স্থানত মিছাইল আৰু ড্ৰ’নে আক্ৰমণ কৰি বহু ঠাইত অগ্নিকাণ্ড সংঘটিত কৰে। এই আক্ৰমণত বহু আৱাসিক আৰু প্ৰশাসনিক ভৱন ধ্বংস হৈছে। ৰাছিয়া-ইউক্ৰেইন যুদ্ধ আৰম্ভ হোৱাৰ পিছত এইবাৰ চৰকাৰী মুখ্য কাৰ্যালয়ত আক্ৰমণৰ ফলত কেবিনেট ভৱনত জুই লাগিছে।
ইউক্ৰেইনৰ বিষয়াসকলে জনোৱা মতে, ৰাছিয়াৰ পৰা গোটেই নিশাটো এনেধৰণৰ আক্ৰমণ অব্যাহত আছিল। ড্ৰোনেৰে আৰম্ভ হোৱা এই আক্ৰমণ ক্ষেপণাস্ত্ৰ আক্ৰমণলৈ পৰিণত হয়। ৰাছিয়াৰ এই আক্ৰমণৰ সময়ত এক বৃহৎ আতংক আৰু বিশৃংখল পৰিস্থিতি দেখা গৈছিল। সমগ্ৰ দেশতে বায়ু সতৰ্কবাণী জাৰি কৰি নাগৰিকসকলক তৎক্ষণাত নিৰাপদ স্থানলৈ স্থানান্তৰিত হ’বলৈ কোৱা হয়। অগ্নিনিৰ্বাপক বাহিনীৰ জোৱান আৰু সাহায্যকাৰী দলে মিছাইল আৰু ড্ৰোন আক্ৰমণৰ ফলত হোৱা জুই নিৰ্বাপন কৰা দেখা গৈছে।
ইউক্ৰেইনৰ ওপৰত ৰাছিয়াই এই আক্ৰমণ এনে সময়ত সংঘটিত হৈছে যেতিয়া প্ৰায় তিনি বছৰ ধৰি চলি থকা এই যুদ্ধখন বন্ধ কৰাৰ বাবে বিভিন্ন পৰ্যায়ত প্ৰচেষ্টা চলোৱা হৈছে। ইফালে, ফ্ৰান্স আৰু ব্ৰিটেইনৰ নেতৃত্বত ২৪খন দেশে যুদ্ধৰ অন্ত পেলাবলৈ আন্তঃৰাষ্ট্ৰীয় নিৰীক্ষণ বাহিনীত যোগদান কৰাৰ কথা কৈছে। কিয়েভে কয় যে এনে নিৰাপত্তা চুক্তি তেতিয়াহে ফলপ্ৰসূ হ’ব যেতিয়া ইয়াৰ লগত পশ্চিমীয়া সৈন্য জড়িত হ’ব, কিন্তু ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে এই কথাত সন্মতি দিবলৈ স্পষ্টভাৱে অস্বীকাৰ কৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পেও দুয়োপক্ষৰ মাজত শান্তি আলোচনাৰ দাবী কৰি আহিছে যদিও বৰ্তমানৰ আক্ৰমণে দেখুৱাইছে যে শান্তি আলোচনাৰ কোনো অগ্ৰগতি দেখিবলৈ পোৱা হোৱা নাই।
हिन्दुस्थान समाचार / অৰৱিন্দ
