ৱাশ্বিংটন, ১৮ নৱেম্বৰ (হি.স.)। আমেৰিকাৰ ফেডাৰেল ইমাৰ্জেন্সি মেনেজমেণ্ট এজেন্সীৰ ভাৰপ্ৰাপ্ত মুৰব্বী ডেভিদ ৰিচাৰ্ডছনে মাত্ৰ ছমাহৰ কাৰ্যভাৰৰ অন্তত পদত্যাগ কৰিছে। টেক্সাছৰ বান ব্যৱস্থাপনাক লৈ সমালোচনাৰ মাজতে তেওঁৰ পদত্যাগ। গৃহ নিৰাপত্তা বিভাগে এই পদত্যাগ নিশ্চিত কৰে। খবৰ অনুসৰি সোমবাৰে পুৱা এজেন্সীৰ মুৰব্বী ৰিচাৰ্ডছনে পদত্যাগ পত্ৰ দাখিল কৰে।
চিবিএছ নিউজে প্ৰকাশ কৰা অনুসৰি চলিত বৰ্ষৰ ৮ মে’ত তেওঁক ফেডাৰেল ইমাৰ্জেন্সি মেনেজমেণ্ট এজেন্সীৰ ভাৰপ্ৰাপ্ত মুৰব্বী হিচাপে নিযুক্তি দিয়া হৈছিল। গৃহ নিৰাপত্তা সচিব ক্ৰীষ্টি ন’মে হঠাতে তেওঁৰ পূৰ্বৰ কেমেৰন হেমিল্টনক অপসাৰণ কৰে। সংস্থাটোৰ নেতৃত্ব দিয়াৰ পূৰ্বে ৰিচাৰ্ডছনে গৃহ নিৰাপত্তা বিভাগৰ গণধ্বংসী অস্ত্ৰ প্ৰতিৰোধৰ কাৰ্যালয়ৰ সহকাৰী সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
গৃহ নিৰাপত্তা বিভাগৰ এগৰাকী মুখপাত্ৰই জনোৱা মতে, সংস্থাটোৰ মুখ্য কৰ্মচাৰী কেৰেন ইভান্সে ১ ডিচেম্বৰত নিজৰ দায়িত্ব গ্ৰহণ কৰিব।মুখপাত্ৰগৰাকীয়ে ৰিচাৰ্ডছনক প্ৰশংসা কৰি ব্যক্তিগত খণ্ডলৈ ঘূৰি অহাৰ বাবে অভিনন্দন জনায়। জুলাই মাহত চেণ্ট্ৰেল টেক্সাছত হোৱা ভয়াৱহ বানপানীৰ প্ৰতি সংস্থাটোৱে দিয়া সঁহাৰিৰ সমালোচনা ক্ৰমাৎ বৃদ্ধি পোৱাৰ সময়তে ৰিচাৰ্ডছনৰ পদত্যাগ। এই বানত ১৫৭ জনতকৈ অধিক লোকে প্ৰাণ হেৰুৱালে।
দুৰ্যোগৰ সময়ত ৰিচাৰ্ডছনক দুৰ্গম নহোৱাৰ বাবে তীব্ৰ সমালোচনা কৰা হৈছিল। সমালোচকসকলৰ ভিতৰত আছিল কেপিটেল হিলৰ সাংসদসকল। এজেন্সীৰ বিষয়াসকলে জনোৱা মতে, ভাৰপ্ৰাপ্ত মুৰব্বীগৰাকী ঘণ্টাৰ পিছত ঘণ্টা ধৰি হাতৰ নাগালেৰে বাহিৰত থকাৰ বাবে অনুসন্ধান আৰু উদ্ধাৰকাৰী দল নিয়োগ কৰাৰ প্ৰচেষ্টা জটিল হৈ পৰিছিল। ইয়াৰ ফলত তেওঁ জুলাই মাহত কংগ্ৰেছৰ সন্মুখত হাজিৰ হৈ নিজৰ স্থিতি ব্যাখ্যা কৰিবলৈ বাধ্য হয়। ৰিচাৰ্ডছনৰ পদত্যাগৰ লগে লগে সংস্থাটোৰ পৰ্যালোচনা পৰিষদে বানপানীৰ সন্দৰ্ভত ৰাষ্ট্ৰপতিৰ ওচৰত প্ৰতিবেদন দাখিল কৰাৰ কথা আছিল।
हिन्दुस्थान समाचार / অৰৱিন্দ
