ৱাশ্বিংটন, ০৭ আগষ্ট (হি.স.)। আমেৰিকাৰ নিউয়ৰ্কত চালছাৰ সোণালী যুগ আৰম্ভ কৰা ২০ শতিকাৰ মহান সংগীতজ্ঞ এডি পালমিয়েৰীৰ দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত মৃত্যু হয়। বুধবাৰে নিউ জাৰ্ছিৰ হেকেনছেকত থকা নিজৰ ঘৰত শেষ উশাহ লয় ৮৮ বছৰী বয়সীয়া পালমিয়েৰীয়ে। তেওঁৰ কনিষ্ঠ কন্যা গেব্ৰিয়েলাই তেওঁৰ মৃত্যু নিশ্চিত কৰে। পিয়ানোবাদক আৰু বেণ্ড নেতা পালমিৰীৰ আটাইতকৈ ডাঙৰ অৱদান হৈছে আফ্ৰিকান-কেৰিবিয়ান সংগীতৰ চালছা। সজীৱ নৃত্য শৈলীৰে ভৰা চালছাক ছন্দময় আৰু আবেগিক সংগীত বুলি গণ্য কৰা হয়।
দ্য নিউয়ৰ্ক টাইমছৰ বাতৰি অনুসৰি এডিয়ে ১৯৬১ চনত প্ৰথম আঠজনীয়া ‘লা পাৰফেক্ট’ বেণ্ড প্ৰতিষ্ঠা কৰে। ইয়াৰ জৰিয়তে তেওঁ লেটিন সংগীতৰ বহু শৈলীগত পৰিৱৰ্তন সাধন কৰে। ইয়াৰ ফলত তেওঁ আয়ৰ ৰূপত অপৰিসীম ধন-সম্পত্তি লাভ কৰিছিল। তেওঁ কেতিয়াও উদ্ভাৱন কৰা বন্ধ কৰা নাছিল।
১৯৭০ চনত পালমিয়েৰীয়ে জাজ, ৰক, ফাংক আৰু আনকি আধুনিক শাস্ত্ৰীয় সংগীতক চালছাৰ সৈতে মিহলাই ভাম’ন’ছ পা’ল মণ্টে আৰু দ্য ছন অৱ লেটিন মিউজিককে ধৰি কেইবাটাও বিপুল জনপ্ৰিয় এলবামত যোগদান কৰে। তেওঁ ফিউজন বেণ্ড হাৰ্লেম ৰিভাৰ ড্ৰাইভৰ সৈতেও সহযোগিতা কৰিছিল। জাজ সংগীতজ্ঞ কেল ট্জেডাৰ, ব্রায়ান লিঞ্চ আৰু ড’নাল্ড হেৰিছনৰ সৈতে তেওঁৰ সহযোগিতাই তেওঁক অপৰিসীম খ্যাতি অৰ্জন কৰিছিল।
পালমিৰীয়ে সদায় জাজ পিয়ানোবাদক মেককয় টাইনাৰ আৰু থেলনিয়াছ মংকক তেওঁৰ প্ৰেৰণা হিচাপে উল্লেখ কৰিছিল। পুয়েৰ্টো ৰিকান সাংস্কৃতিক পণ্ডিত জুয়ান ফ্ল’ৰেছে ছালছা ৰাইজিং: নিউয়ৰ্ক লেটিন মিউজিক অৱ দ্য ছিক্সটিছ জেনেৰেচন (২০১৬)ত লিখিছে যে পালমিয়েৰী আছিল চালছা সাংস্কৃতিক আন্দোলনৰ এজন মূল প্ৰচাৰক। ২০১৩ চনত নেশ্যনেল এনডাউমেণ্ট ফৰ দ্য আৰ্টছে জাজ মাষ্টাৰ হিচাপে নিৰ্বাচিত কৰাৰ লগতে লেটিন গ্ৰেমীত লাইফটাইম এচিভমেণ্ট বঁটাৰে সন্মানিত হয়। অৱশ্যে হাইস্কুল কেতিয়াও শেষ কৰা নাছিল। পালমিয়েৰী নিজকে নিউয়ৰ্কৰ শ্ৰমিক শ্ৰেণী আৰু প’ৰ্ট’ ৰিকান চুবুৰীৰ ৰাষ্ট্ৰদূত বুলি গণ্য কৰিছিল। দেউতাকৰ আইচক্ৰীম পাৰ্লাৰত এগ ক্ৰীম পৰিবেশন কৰি ডাঙৰ হৈছিল।
বছৰ বছৰ ধৰি তেওঁ আভ্যন্তৰীণ ৰাজহ সেৱাক কৰ দিবলৈ অস্বীকাৰ কৰিছিল। তেওঁ ৰাজনৈতিক অৰ্থনীতিবিদ হেনৰী জৰ্জৰ ধাৰণাক আকোৱালি লৈছিল যে আয়কৰ হৈছে ডকাইতিৰ বৈধ ৰূপ। পিছলৈ পালমিৰীয়ে নিজৰ খ্যাতি ব্যৱহাৰ কৰি লেটিন সংগীতক গ্ৰেমী বঁটাত অধিক অন্তৰ্ভুক্তিৰ বাবে আন্দোলনৰ নেতৃত্ব দিয়ে। তেখেতে বছৰ বছৰ ধৰি ৰেকৰ্ডিং একাডেমীৰ নিউয়ৰ্ক ব’ৰ্ড অৱ গভৰ্ণৰৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু ১৯৯৫ চনত শ্ৰেষ্ঠ লেটিন জাজ এলবাম শাখাৰ সৃষ্টিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
