ছুপাৰষ্টাৰ ৰজনীকান্তৰ বহু প্ৰত্যাশিত ছবি ‘কুলী’ অৱশেষত বহু অপেক্ষাৰ অন্তত আজি চিনেমাগৃহত মুক্তি পালে আৰু মুক্তিৰ লগে লগে ইয়াৰ উন্মাদনা আকাশলংঘী হৈছে। একচন আৰু ৰোমাঞ্চৰে ভৰা এই ছবিখনৰ প্ৰতি দৰ্শকৰ উৎসাহ আৰু উন্মাদনা শিখৰত উপনীত হৈছে, আৰু ইয়াৰ প্ৰমাণ হৈছে ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা বহু ভিডিঅ’ আৰু ছবি। মুক্তিৰ দিনৰে পৰা সমগ্ৰ দেশৰ অনুৰাগীয়ে উৎসৱৰ দৰে উদযাপন কৰিবলৈ আৰম্ভ কৰিলে।
পুৱাৰ পৰাই মুম্বাইৰ বহু থিয়েটাৰত দৰ্শকৰ দীঘলীয়া শাৰী দেখা গৈছে আৰু প্ৰথম শ্ব’ৰ পূৰ্বেও পৰিবেশ সম্পূৰ্ণ উদযাপনলৈ পৰিণত হৈছিল। এটা ভাইৰেল ভিডিঅ’ত দৰ্শকে ছবিখন আৰম্ভ হোৱাৰ পূৰ্বে থিয়েটাৰৰ ভিতৰত নাচি থকা আৰু হুইচেলৰ প্ৰতিধ্বনিৰ মাজত পৰ্দাত ৰজনীকান্তৰ ইন্ট্ৰ’ দৃশ্যলৈ অপেক্ষা কৰি থকা দেখা গৈছে।
দক্ষিণ ভাৰতত যেন ‘কুলি’ৰ প্ৰথম দিনটো ধৰ্মীয় অনুষ্ঠানলৈ পৰিণত হ’ল। বহু ঠাইত অনুৰাগীয়ে ঢোল লৈ শোভাযাত্ৰা উলিয়াইছিল, আৰু কোনো কোনো ঠাইত পৰ্দাৰ সন্মুখত নাৰিকল ভাঙি ছবিখনৰ সফলতা কামনা কৰিছিল। তিৰুচিৰাপল্লীৰ পৰা ওলোৱা এটা ভিডিঅ’ত মহিলাসকলে ফুলৰ থাল কঢ়িয়াই লৈ ফুৰা আৰু পুৰুষে ঢোলৰ তালত নাচি থকা দেখা গৈছে। কোনো কোনো ঠাইত অনুৰাগীয়ে ৰজনীকান্তৰ ছবি আৰু পোষ্টাৰত ফুল, নাৰিকল আগবঢ়োৱাৰ লগতে গাখীৰেৰে অভিষেকো কৰা হয়।
মুম্বাইৰ পৰা চেন্নাই আৰু বেংগালুৰুলৈকে বহু চিনেমা হলৰ বাহিৰত ৰং-গুলাল আৰু আতচবাজীৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে। এটা ভিডিঅ’ত দেখা গৈছে যে ৰজনীকান্তৰ এটা বিশাল কাটআউট সজাই তাৰ ওপৰত ৰঙীন পাউদাৰ আৰু আৰু ফুলৰ বৰষা কৰা হৈছে। চিনেমা হলৰ বাহিৰত অনুৰাগীৰ বিপুল জনসমাগম ‘কুলি’ যে কেৱল এখন চিনেমা নহয়, ৰজনীকান্তৰ অনুৰাগীৰ বাবে এক আৱেগিক অনুষ্ঠান তাৰ প্ৰমাণ। মুক্তিৰ প্ৰথম দিনাৰ পৰাই ছবিখনে বক্স অফিচত বিগ বেঙৰ দিশে আগবাঢ়িছে, আৰু অনাগত দিনত ইয়াৰ সফলতাৰ উদযাপন তীব্ৰতৰ হোৱাৰ সম্ভাৱনা আছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
