বক্স অফিচত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৰণবীৰ কাপুৰৰ ‘এনিমেল’ ছবিয়ে। ছবিখন চাবলৈ চিনেমা হলত উপস্থিত হৈছে দৰ্শক। ছবিখনে দৰ্শকৰ ইতিবাচক সঁহাৰি লাভ কৰিছে। পাঁচ দিনত ‘এনিমেল’ ছবিখনে ভাৰতত ২৩৮ কোটি আৰু বিশ্বজুৰি ৪৮১ কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে।
ছবিখনে মুক্তিৰ প্ৰথম দিনাই বিশ্বজুৰি ১০০ কোটি টকা আৰু দ্বিতীয় দিনা ২০০ কোটি টকাৰ পৰিসংখ্যা অতিক্ৰম কৰিছিল। তাৰ পিছত দেওবাৰে তৃতীয় দিনা ছবিখনে সকলো ভাষাতে ৭২.৫০ কোটি টকা সংগ্ৰহ কৰে। চাৰিদিনত বক্স অফিচত বিশ্বজুৰি ৪০০ কোটি টকাৰ সীমা অতিক্ৰম কৰিলে ছবিখনে। সোমবাৰে ছবিখনে উপাৰ্জন কৰে ৫০ কোটি টকা। ইণ্ডাষ্ট্ৰী ট্ৰেকাৰ ‘ছাকনিলক’ৰ প্ৰতিবেদন অনুসৰি মঙলবাৰৰ পঞ্চম দিনা ৰণবীৰৰ ছবিখনে ৩৮ কোটি টকা সংগ্ৰহ কৰিছে। এইদৰে পাঁচ দিনতে বক্স অফিচত ইতিহাসৰ সৃষ্টি কৰিছে ‘এনিমেল’ ছবিখনে। পাঁচ দিনত ‘এনিমেল’ ছবিখনে ভাৰতত ২৩৮ কোটি আৰু বিশ্বজুৰি ৪৮১ কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। এই ছবিখনে শীঘ্ৰে উপাৰ্জনৰ ক্ষেত্ৰত শ্বাহৰুখ খানৰ ছবি ‘জোৱান’ৰ অভিলেখ ভংগ কৰিব। উপাৰ্জনৰ ক্ষেত্ৰত ‘এনিমেল’-এ ‘সঞ্জু’ আৰু ‘ব্ৰহ্মাস্ত্ৰ’ দুয়োটাকে অতিক্ৰম কৰিব পাৰে।
প্ৰথম দিনাই ৰণবীৰৰ কেৰিয়াৰৰ সৰ্বাধিক উপাৰ্জনকাৰী ছবি হিচাপে পৰিগণিত হৈছে ‘এনিমেল’ ছবি। শ্বাহৰুখ খানৰ দুয়োখন ছবি ‘জোৱান’ আৰু ‘পাঠান’ একেলগে ২২০০ কোটি টকা সংগ্ৰহ কৰিছে। ‘এনিমেল’ৰ বাবে ইমান উপাৰ্জন সম্ভৱ নহয়, কিন্তু ‘এনিমেল’ই নিশ্চিতভাৱে এইবোৰৰ যিকোনো এখন ছবিৰ অভিলেখ ভংগ কৰিব পাৰে। ৰণবীৰৰ লগতে ৰশ্মিকা মণ্ডন্না, অনিল কাপুৰ, ববী দেওল, শক্তি কাপুৰ, ত্ৰুপতি ডিমৰিও ‘এনিমেল’ ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে।
হিন্দুস্থান সমাচাৰ/লোকেশ/মনোজ
