দক্ষিণৰ ছুপাৰষ্টাৰ তথা ‘গড’ ৰজনীকান্তৰ বক্স অফিচত উজ্জ্বল প্ৰদৰ্শন কৰা তেওঁৰ ছবি ‘কুলি’ৰ বাবে এইকেইদিন বাতৰিৰ শিৰোনাম। এই সফলতাৰ পিছত এতিয়া তেওঁৰ ব্লকবাষ্টাৰ প্ৰজেক্ট ‘জেলাৰ’ৰ ছিকুৱেলত থালাইভাক দেখা যাব। এই ছবিখন পুনৰ এবাৰ পৰিচালনা কৰিব নেলচন দিলীপকুমাৰে। ইতিমধ্যে ‘জেইলাৰ ২’ক লৈ দৰ্শক উৎসাহিত হৈ পৰিছে আৰু এতিয়া ইয়াত বলীউডৰ প্ৰবীণ অভিনেতা মিথুন চক্ৰৱৰ্তীৰ প্ৰৱেশে অনুৰাগীৰ উৎসাহ আৰু অধিক বৃদ্ধি কৰিছে।
খবৰ অনুসৰি ‘জেইলাৰ ২’ ছবিৰ তাৰকা অভিনেতা-অভিনেত্ৰীত মিথুন চক্ৰৱৰ্তীৰ নামো সংযোজন কৰা হৈছে। এই সপ্তাহৰ শেষৰ ফালে তেওঁ ৰজনীকান্তৰ সৈতে শ্বুটিং আৰম্ভ কৰিব বুলি আশা কৰা হৈছে। ইয়াৰ পূৰ্বেও ৰজনীকান্ত আৰু মিথুনে একেলগে কাম কৰিছিল। দুয়োজনে হিন্দী ছবি ‘ভ্ৰাষ্টচাৰ’ (১৯৮৯) আৰু বাংলা ছবি ‘ভাগ্য দেৱতা’ (১৯৯৭)ত পৰ্দা ভাগ কৰিছিল।
২০২৩ চনৰ ১০ আগষ্টত ছবিগৃহত মুক্তি পোৱা ‘জেলাৰ’ই বিশ্বজুৰি ৬৫০ কোটিৰো অধিক উপাৰ্জন কৰি প্ৰচণ্ড সফলতা লাভ কৰে। ২০২৩ চনৰ সৰ্বাধিক উপাৰ্জনকাৰী তামিল ছবিৰ ভিতৰত অন্যতম বুলি প্ৰমাণিত হয় এই ছবিখনত।মহনলাল, তমন্নাহ ভাটিয়া, ৰাম্য কৃষ্ণন, যোগী বাবু, বিনায়কন, বসন্ত ৰবি আদি তাৰকাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। অনুৰাগীৰ বাবে ভাল খবৰটো হ’ল এতিয়া ‘জেলাৰ’ আমাজন প্ৰাইম ভিডিঅ’ত উপলব্ধ। একে সময়তে দৰ্শকৰ চকু এতিয়া ইয়াৰ ছিকুৱেল ‘জেলাৰ ২’ৰ ওপৰত নিবদ্ধ হৈ পৰিছে, যাৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰা হৈছে।
हिन्दुस्थान समाचार / আলোক চক্ৰৱৰ্তী
