শেহতীয়া অভিনয় জীৱনত কেইবাবাৰো দৰ্শকক আচৰিত কৰি তুলিছে অভিনেতা অক্ষয় খান্নাই। ‘ছাৱা’ত ঔৰংজেবৰ ৰূপত চাঞ্চল্য সৃষ্টি কৰাৰ পিছত এতিয়া তেওঁক নতুন পৌৰাণিক ছবি ‘মহাকালী’ত দানৱ গুৰু শুক্ৰাচাৰ্য হিচাপে দেখা যাব। ছবিখনৰ পৰা তেওঁৰ প্ৰথম আভাস ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে, আৰু তেওঁৰ লুক আৰু ষ্টাইলক লৈ অনুৰাগীসকল উৎসাহিত হৈছে।
অক্ষয়ৰ শুক্ৰাচাৰ্যৰ চিত্ৰ অত্যন্ত শক্তিশালী যেন লাগিছে। তেওঁৰ দীঘল বগা চুলি, ডাঠ দাড়ি আৰু গুৰুতৰ মুখখনে তেওঁৰ চৰিত্ৰৰ তীব্ৰতা আৰু শক্তিক নিখুঁতভাৱে প্ৰতিফলিত কৰে। এই নতুন ৰূপত অক্ষয় খান্নাক দেখা পাই পৌৰাণিক কাহিনী প্ৰেমী আৰু অনুৰাগীৰ মাজত আলোচনাৰ সৃষ্টি হৈছে যে এই চৰিত্ৰটোৱে হয়তো অমিতাভ বচ্চনৰ ‘অশ্বত্থামা’ ছবিখনকো পাহৰি যাব পাৰে।
ব্লকবাষ্টাৰ হিট ছবি ‘হনুমান’ ছবিখনৰ পৰিচালক প্ৰশান্ত বৰ্মাই নিজৰ চিনেমাৰ দৃষ্টিভংগীৰে পুনৰবাৰ ডাঙৰ পৰ্দাত পৌৰাণিক কাহিনীক জীৱন্ত কৰি তুলিছে। মহাকালী তেওঁৰ প্ৰশান্ত বৰ্মা চিনেমেটিক ইউনিভাৰ্ছৰ অংশ। প্ৰশান্ত ভাৰ্মাই ছবিখনৰ বিষয়ে কয়, দেৱতাৰ ছাঁত বিদ্ৰোহৰ আটাইতকৈ তীব্ৰ শিখাৰ সৃষ্টি হৈছিল। অক্ষয় খান্নাক চিৰন্তন দানৱ গুৰু শুক্ৰাচাৰ্য হিচাপে উপস্থাপন কৰিছো।
অৱশ্যে ছবিখনৰ আন অভিনেতা-অভিনেত্ৰী সন্দৰ্ভত সবিশেষ এতিয়াও প্ৰকাশ কৰা হোৱা নাই। ডাঙৰ পৰ্দাত অক্ষয়ৰ চৰিত্ৰৰ সমান্তৰালকৈ কোন কোন তাৰকা উপস্থিত হ’ব সেয়া চাবলৈ আগ্ৰহী অনুৰাগী আৰু চলচ্চিত্ৰপ্ৰেমীসকল। মহাকালী অক্ষয় খান্নাৰ কেৰিয়াৰৰ বাবেই নহয় ভাৰতীয় পৌৰাণিক কাহিনী ভিত্তিক চিনেমাৰ বাবেও এক উল্লেখযোগ্য মাইলৰ খুঁটি হ’ব বুলি আশা কৰা হৈছে। ছবিখনৰ ৰোমাঞ্চকৰ ভিজুৱেল, মনোমোহা ৰূপ, আৰু তীব্ৰ কাহিনীভাগে দৰ্শকক কালজয়ী পৌৰাণিক চৰিত্ৰৰ লগতে নতুন দৃষ্টিভংগীৰ সৈতে পৰিচয় কৰাই দিব।
हिन्दुस्थान समाचार / অৰৱিন্দ
