–নাট্য সম্ৰাট প্ৰফুল্ল বৰা স্মৃতি দিৱসৰ বিশাল আয়োজন
শোণিতপুৰ, ২৮ অক্টোবৰ :(হি.স.) । অসমৰ প্ৰথিতযশা নাট্যকাৰ তথা অসম চৰকাৰৰ সাহিত্যিক পেঞ্চনাৰ নাট্য সম্ৰাট প্ৰফুল্ল বৰাৰ ওপজা গাঁও তেজপুৰৰ দ-পৰ্বতীয়াৰ মাধৱ মন্দিৰ বহুমুখী প্ৰকল্পৰ উদ্যোগত বিগত সোতৰ বছৰে অনুষ্ঠিত কৰি অহাৰ দৰে এই বছৰো অহা ২০, ২১ আৰু ২২ নৱেম্বৰত তিনি দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে নাট্য শিল্পী গৰাকীৰ ওপজা গাঁৱৰ চোতাল আৰু হেঁপাহৰ অনুষ্ঠান মাধৱ মন্দিৰ বহুমুখী প্ৰকল্প প্ৰাঙ্গণত নাট্য সম্ৰাট প্ৰফুল্ল বৰা স্মৃতি দিৱসৰ আয়োজন কৰা হৈছে। স্মৃতি দিৱসৰ লগত সঙ্গতি ৰাখি বিগত বছৰ সমূ্হৰ দৰে সদৌ অসম ভিত্তিত নাট্যসম্ৰাট প্ৰফুল্ল বৰা সোঁৱৰণী একাংকিকা নাট প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ’ব।
উল্লেখযোগ্য যে, মাধৱ মন্দিৰ বহুমুখী প্ৰকল্পৰ দ্বাৰা নাট্য সম্ৰাট গৰাকীৰ পবিত্ৰ স্মৃতিত এটি বঁটা প্ৰচলন কৰা হৈছে। উদযাপন সমিতিৰ তৰফৰ পৰা সদৰি কৰা অনুসৰি এইবাৰ তৃতীয় বৰ্ষৰ বাবে অসমৰ লব্ধপ্ৰতিষ্ঠ অভিনেতা অৰুণ নাথ দেৱলৈ নাট্য সম্ৰাট প্ৰফুল্ল বৰা বঁটা আগবঢ়োৱা হ’ব। ইয়াৰ পূৰ্বে বিগত দুটা বৰ্ষত এই বঁটা ক্ৰমে বিশিষ্ট নাট্য শিল্পী ঐশ্বৰ্য্য কাকতি আৰু বলিষ্ঠ অভিনেতা, পৰিচালক তথা নাট্যকাৰ তৌফিক ৰহমান ডাঙৰীয়ালৈ আগ বঢ়োৱা হৈছিল। একাংকিকা নাট প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ দললৈ ১৫ হেজাৰ, দ্বিতীয় শ্ৰেষ্ঠ দললৈ ১২ হেজাৰ আৰু তৃতীয় শ্ৰেষ্ঠ দললৈ, ১০ হেজাৰ নগদ ধনৰ মাননীৰ লগতে শ্ৰেষ্ঠ, দ্বিতীয় শ্ৰেষ্ঠ আৰু তৃতীয় শ্ৰেষ্ঠ অভিনেতা/ অভিনেত্ৰীলৈ ক্ৰমে ২০০০, ১৫০০, আৰু ১০০০ টকাকৈ নগদ ধনৰ মাননী আৰু শ্ৰেষ্ঠ কৌতুক অভিনেতা, শ্ৰেষ্ঠ শিশু শিল্পী, শ্ৰেষ্ঠ পৰিচালক আৰু শ্ৰেষ্ঠ নাট্যকাৰলৈ ২০০০ টকাকৈ নগদ ধনৰ মাননী আগ বঢ়োৱা হ’ব। নগদ ধনৰ মাননীৰ লগতে বঁটা প্ৰাপক সকলক নাট্য সম্ৰাট প্ৰফুল্ল বৰা সোঁৱৰণী বঁটা আৰু প্ৰশস্তি পত্ৰৰে সন্মানিত কৰা হ’ব।
পূৰ্বৰ দৰেই বিশিষ্ট সাহিত্যিক আৰু শিল্পীৰ লেখনিৰে সমৃদ্ধ হ’ব লগীয়া স্মৃতিগ্ৰন্থ ‘সন্ধ্যাতৰা’ প্ৰকাশ কৰাৰ বাবে পূৰ্ণ গতিত কাম-কাজ চলাই থকা হৈছে।
হিন্দুস্থান সমাচাৰ/সমীৰ/মনোজ
