অক্ষয় কুমাৰ, ৰিতেশ দেশমুখ আৰু অভিষেক বচ্চনৰ দৰে তাৰকা অভিনীত ‘হাউছফুল-৫’ৰ মুক্তিৰ দ্বিতীয় সপ্তাহত এতিয়া প্ৰৱেশ কৰিছে। অৱশ্যে শক্তিশালী মুকলিৰ পিছত এতিয়া বক্স অফিচত ছবিখনৰ গতি লেহেমীয়া হৈছে। যোৱা কেইদিনমানৰ পৰা ইয়াৰ উপাৰ্জনৰ উঠা-নমা, যাৰ পৰা স্পষ্টকৈ বুজা যায় যে ছবিখনে এতিয়া নিজৰ বিশাল বাজেট আদায় কৰিবলৈ সংগ্ৰাম কৰি আছে। এতিয়া মুক্তিৰ ত্ৰয়োদশ দিনৰ উপাৰ্জন ওলাইছে।
বক্স অফিচ ট্ৰেকাৰ চাকনলিকৰ মতে, ‘হাউছফুল-৫’ মুক্তিৰ ত্ৰয়োদশ দিন অৰ্থাৎ দ্বিতীয় বুধবাৰে ৩ কোটি টকাৰ ব্যৱসায় কৰিছিল, তাৰ পিছত এই ছবিখনৰ মুঠ বক্স অফিচ সংগ্ৰহ ১৬৫.২৫ কোটি টকা হৈছে। মন কৰিবলগীয়া যে ‘হাউছফুল-৫’ৰ বাজেট ২২৫ কোটি টকা, কিন্তু ইয়াৰ খৰচ আদায় কৰাৰ পৰা এতিয়াও বহু দূৰত।
‘হাউছফুল-৫’ ছবিখনৰ প্ৰযোজক হৈছে ছাজিদ নাদিয়াদৱালা। ছবিখনত অক্ষয় কুমাৰৰ বাহিৰেও ৰিতেশ দেশমুখ, অভিষেক বচ্চন, নানা পাটেকাৰ, জেকী শ্ৰফ, সঞ্জয় দত্ত আৰু সোণম বাজৱাৰ দৰে বহু তাৰকা দেখা গৈছে। বিশেষকৈ ছবিখনত অক্ষয় আৰু ৰিতেশৰ প্ৰচণ্ড কমিক টাইমিঙে দৰ্শকৰ পৰা যথেষ্ট প্ৰশংসা লাভ কৰিছে। ইয়াৰ উপৰিও ছবিখনৰ তাৰকা কাষ্টৰ ভিতৰত আছে নৰ্গিছ ফাখৰী, সৌন্দৰ্য শৰ্মা, শ্ৰেয়াছ তালপাদে, জনী লিভাৰ, ফাৰ্দিন খান, চাংকি পাণ্ডে আৰু ডিনো ম’ৰিয়া।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
