
আজিকালি বহু ডাঙৰ তাৰকা ছবিয়ে চিনেমা হলত দৰ্শকক মনোৰঞ্জন দি আছে। ইয়াৰে এটা হৈছে ছুপাৰষ্টাৰ ৰজনীকান্তৰ ‘কুলি’। ৰজনীকান্তে পুনৰবাৰ নিজৰ শক্তিশালী অভিনয়েৰে অনুৰাগীৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে। বক্স অফিচতো ছবিখনে নিজৰ দখল বজাই ৰাখিছে। মুক্তিৰ দ্বিতীয় সপ্তাহতো কোটি টকা উপাৰ্জন কৰি আছে ‘কুলি’।
বক্স অফিচ ট্ৰেকাৰ চেকনিলকৰ প্ৰতিবেদন অনুসৰি ‘কুলি’ মুক্তিৰ ১২ তাৰিখে অৰ্থাৎ দ্বিতীয় সোমবাৰে ৩ কোটি টকা উপাৰ্জন কৰে। ইয়াৰ লগে লগে ছবিখনৰ মুঠ ঘৰুৱা সংগ্ৰহ ২৬০.৩৫ কোটি টকা হৈছেগৈ। ‘কুলি’ই কেৱল ভাৰততে নহয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছে। এই পৰ্যন্ত বিশ্বজুৰি এই ছবিখনে ৪৭৯ কোটিৰো অধিক ব্যৱসায় কৰিছে। এই মেগা বাজেট ছবিখনৰ খৰচ প্ৰায় ৩৫০ কোটি টকা বুলি কোৱা হৈছে।
ৰজনীকান্তৰ লগতে নাগাৰ্জুন অকিনেনী, শ্ৰুতি হাছান, সৌবিন শ্বাহীৰ, উপেন্দ্ৰ, সত্যৰাজ আৰু ৰচিতা ৰামৰ দৰে তাৰকাইও ‘কুলি’ ছবিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। ইয়াৰ উপৰিও আমিৰ খান আৰু পূজা হেগড়ে ছবিখনত কেমিঅ’ কৰা দেখা গৈছে। এই ছবিখন পৰিচালনা কৰিছে ‘কাইঠি’, ‘বিক্ৰম’ আৰু ‘মাষ্টাৰ’ৰ দৰে ব্লকবাষ্টাৰ ছবিৰ পৰিচালক লোকেশ কানাগৰাজে। বক্স অফিচত জুই জ্বলাই দিয়াৰ পিছত এতিয়া এই ছবিখন অতি সোনকালে আমাজন প্ৰাইম ভিডিঅ’ত মুক্তি পাবলৈ ওলাইছে। ‘কুলি’ৰ সফলতাৰ পিছত এতিয়া ছুপাৰষ্টাৰ ৰজনীকান্তই তেওঁৰ পৰৱৰ্তী ছবি ‘জেলাৰ ২’ৰ বাবে প্ৰস্তুতি চলাবলৈ ওলাইছে, যাৰ শ্বুটিং অতি সোনকালে আৰম্ভ হ’ব।
हिन्दुस्थान समाचार / আলোক চক্ৰৱৰ্তী
