‘কাঁটা লগা’ গীতটিৰে ঘৰুৱা নামত পৰিণত হোৱা অভিনেত্ৰী শ্বেফালী জাৰিৱালাৰ আকস্মিক বিয়োগে সকলোকে গভীৰ স্তম্ভিত কৰি তুলিছে। ৪২ বছৰ বয়সত ২৭ জুনত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হোৱাৰ বাবে তেওঁৰ মৃত্যু হয়। এতিয়া তেওঁৰ স্বামী তথা অভিনেতা পৰাগ ত্যাগীয়ে তেওঁৰ প্ৰয়াত পত্নীক স্মৰণ কৰি এটা আৱেগিক পোষ্ট শ্বেয়াৰ কৰিছে। পৰাগে তেওঁৰ অফিচিয়েল ইনষ্টাগ্ৰাম একাউণ্টত শ্বেফালীৰ সৈতে কটোৱা কিছু বহুমূলীয়া আৰু সুন্দৰ মুহূৰ্তৰ ভিডিঅ’ শ্বেয়াৰ কৰিছে, য’ত তেওঁৰ ব্যক্তিগত জীৱনৰ আভাস পোৱা গৈছে।
পৰাগে শ্বেফালীৰ সৈতে কটোৱা মুহূৰ্তৰ ভিডিঅ’ ক্লিপ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰি লিখিছে, মই তোমাক প্ৰতিটো জন্মতে বিচাৰি লম আৰু তোমাক বহুত মৰম কৰিম। মই তোমাক সদায় মৰম কৰি যাম। মেৰী গুণ্ডী, মেৰী চোকৰী। এই পোষ্টটোৰ জৰিয়তে পৰাগে শ্বেফালীক টেগ কৰাৰ সময়ত ৰঙা হৃদয়ৰ ইমোজিও যোগ কৰিলে, যিয়ে তেওঁৰ গভীৰ প্ৰেম আৰু ভগ্ন হৃদয়ৰ আভাস দিয়ে।
২৭ জুনৰ নিশা শ্বেফালিয়ে হঠাতে বুকুৰ তীব্ৰ বিষৰ অনুভৱ কৰে। লগে লগে স্বামী পৰাগে তাইক হস্পিতাললৈ লৈ গ’ল, কিন্তু তেতিয়ালৈকে বহু দেৰি হৈ গ’ল। ডাক্তৰে তাইক মৃত বুলি ঘোষণা কৰিলে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
