টিভি জগতৰ প্ৰিয় ‘কোমোলিকা’ অৰ্থাৎ অভিনেত্ৰী উৰ্বশী ঢোলাকিয়াক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। শেহতীয়াকৈ তেওঁৰ এখন ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। এই ফটোখনে তেওঁৰ অনুৰাগীৰ চিন্তা বঢ়াইছে। এই ফটোখনত উৰ্বশীক দেখা গৈছে চিকিৎসালয়ৰ বিচনাত। এই ফটোখন হাস্পতালৰ পৰা উৰ্বশীৰ পুত্ৰ ক্ষিতিজে পোষ্ট কৰিছে। অভিনেত্ৰীগৰাকীৰ ডিঙিত টিউমাৰৰ বাবে অস্ত্ৰোপচাৰ কৰিবলগীয়া হয়। তেওঁৰ ওপৰত কৰা অস্ত্ৰোপচাৰ সফল হৈছিল। চিকিৎসকে এতিয়া কিছুদিন জিৰণি ল’বলৈ পৰামৰ্শ দিছে। উৰ্বশীক মুম্বাইৰ নানাৱতী হাস্পতালত ভৰ্তি কৰোৱা হৈছে।
ইয়াৰ সমান্তৰালকৈ উৰ্বশীয়ে বিবৃতি প্ৰকাশ কৰি কয় যে, ২০২৩ চনৰ ডিছেম্বৰৰ আৰম্ভণিতে মোৰ ডিঙিত টিউমাৰৰ বাবে অস্ত্ৰোপচাৰ কৰিবলগীয়া হৈছিল। মোৰ অস্ত্ৰোপচাৰ সফল হৈছিল আৰু এতিয়া মোক ১৫ৰ পৰা ২০ দিন জিৰণি লোৱাৰ পৰামৰ্শ দিয়া হৈছে।
শেহতীয়াকৈ অভিনেত্ৰী উৰ্বশী ঢোলাকিয়াই তেওঁৰ বিবাহ বিচ্ছেদ সন্দৰ্ভত মন্তব্য কৰিছে। অনুজ সচদেৱৰ সৈতে বিবাহ বিচ্ছেদৰ কথা মুকলিকৈ ক’লে অভিনেত্ৰীগৰাকীয়ে। উৰ্বশীয়ে কয় যে ১৮ বছৰ বয়সত বিবাহ বিচ্ছেদ হোৱাৰ পিছত আৰু কেতিয়াও প্ৰকৃত প্ৰেম বিচাৰি নাপালে। ১৬ বছৰ বয়সত বিয়া হৈছিল উৰ্বশীয়ে। এনে পৰিস্থিতিত ১৭ বছৰ বয়সত যমজ সন্তান জন্ম দিলে। উৰ্বশীৰ ১৮ বছৰ বয়সত দুয়োৰে বিবাহ বিচ্ছেদ হৈছিল। এটা সাক্ষাৎকাৰত তেওঁক সোধা হৈছিল যে বিবাহ বিচ্ছেদৰ পিছত উদ্যোগটোলৈ উভতি অহাৰ সময়ত মানুহে তেওঁক টাৰ্গেট কৰিবলৈ চেষ্টা কৰিছিল নেকি? ইয়াৰ উত্তৰত তেওঁ ক’লে, নাই, একেবাৰেই হোৱা নাছিল। স্পষ্টভাৱে এটা আকৰ্ষণ আছিল। কিন্তু, মই কামত বহুত মনোনিৱেশ কৰিছিলোঁ। যেতিয়া মই অনুভৱ কৰিছিলো যে সন্মুখৰ মানুহজনৰ কিবা ভুল উদ্দেশ্য আছে, তেতিয়া মই তেওঁক তাতেই ৰখাই দিছিলো। মই বৰ স্পষ্ট আছিলোঁ।”
উৰ্বশী ঢোলাকিয়াই কসৌতি জিন্দগী কি ধাৰাবাহিকখনত কোমোলিকাৰ চৰিত্ৰত অভিনয় কৰিছিল। এই ধাৰাবাহিকখনৰ বাবেই তেওঁ ঘৰে ঘৰে বিখ্যাত হৈ পৰিছিল। ইয়াৰ উপৰিও উৰ্বশী বিগ বছ ৬ৰ বিজয়ীও আছিল। কহি তো হোগা, বঢ়ি দুৱাৰ ছে আয়ে হায়, চন্দ্ৰকান্তা, নাগিন ৬ ধাৰাবাহিকতো তেওঁক দেখা গৈছে।
হিন্দুস্থান সমাচাৰ/লোকেশ/মনোজ
