আগৰতলা, ০৬ জানুৱাৰী (হি স)। নিচাযুক্ত ত্ৰিপুৰা গঢ়াৰ লক্ষেৰে চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাত অব্যাহত আছে মাদক বিৰোধী অভিযান। এই অভিযানৰ অংগ হিচাপে ধলাই আৰক্ষীয়ে বুজন পৰিমাণৰ গাঞ্জা জব্দ কৰিছে ।
ধলাই জিলাৰ অন্তৰ্গত আমবাছা আৰক্ষীয়ে শুক্ৰবাৰে অভিযান চলাই জব্দ কৰে গাঞ্জা খিনি। বেতবাগান নাকা পইন্টত এখন ট্ৰাকত তালাচী চলাই ৪৫ টা গাঞ্জাৰ পেকেট উদ্ধাৰ কৰা হয়। ট্ৰাকখনৰ টায়াৰ ভিতৰত লুকুৱাই অনা পেকেট কেইটাৰ পৰা মুঠ ১৩২ কেজি গাঞ্জা জব্দ কৰা হয়। গাঞ্জাৰ সৈতে বাহন খনৰ চালকসহ দুজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। গাঞ্জা সৰবৰাহৰ অভিযোগতে গ্ৰেপ্তাৰ কৰা হয় লোক দুজনক।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
