বলীউডৰ অভিনেত্ৰী শিল্পা শ্বেট্টী কুন্দ্ৰাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ এখন পত্ৰ লিখি অযোধ্যাৰ ৰাম মন্দিৰত অভিষেকৰ কামৰ প্ৰশংসা কৰিছে। শ শ বছৰ ধৰি লাখ লাখ ভাৰতীয়ৰ অসম্পূৰ্ণ সপোন বাস্তৱায়িত কৰাৰ বাবে প্ৰধানমন্ত্ৰীৰ নেতৃত্বৰ দক্ষতাক প্ৰশংসা কৰে শিল্পাই।
শিল্পাই নিজৰ চিঠিত লিখিছে, ‘প্ৰিয় মোডীজী, কিছুমানে ইতিহাস পঢ়ে, কোনোবাই ইতিহাসৰ পৰা শিকে, কিন্তু আপোনাৰ দৰে মানুহে ইতিহাস সলনি কৰে…, আপুনি ৰাম জন্মভূমিৰ ৫০০ বছৰীয়া ইতিহাস সলনি কৰিলে। হৃদয়ৰ পৰা ধন্যবাদ… এই শুভ কামৰ লগত আপোনাৰ নাম ভগৱান শ্ৰীৰামৰ নামৰ সৈতে সৰ্বকাললৈ সংযোজিত হৈ পৰিছে। নমো ৰাম, জয় শ্ৰী ৰাম!
২২ জানুৱাৰীত অযোধ্যাত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত অমিতাভ বচ্চন, অভিষেক বচ্চন, ৰণবীৰ কাপুৰ, আলিয়া ভাট, বিকি কৌশল, কেটৰিনা কাইফ, অনুপম খেৰ, বিবেক অবেৰয়, হেমা মালিনী, ৰোহিত শেট্টী, মাধুৰী দীক্ষিত নেনে, ৰাজকুমাৰ হিৰানীকে ধৰি বহুকেইজন বলীউডৰ চেলিব্ৰিটিয়ে অংশগ্ৰহণ কৰে। ইয়াৰ বাহিৰেও বহু বলীউডৰ তাৰকালৈ নিমন্ত্ৰণ পঠিওৱা হৈছিল যদিও কোনো কাৰণত তেওঁলোকে প্ৰাণ প্ৰতিষ্ঠাত উপস্থিত থাকিব নোৱাৰিলে। এই তালিকাত ৰণবীৰ, দীপিকা, অক্ষয় কুমাৰকে ধৰি অন্যান্য অভিনেতাসকলক অন্তৰ্ভুক্ত কৰা হৈছিল।
