কুলদা কুমাৰ ভট্টাচাৰ্য অসমৰ এগৰাকী কিংবদন্তী অনাতাঁৰ শিল্পী, অভিনেতা, পৰিচালক, আৰু আবৃত্তিকাৰ আছিল। তেওঁ অসমৰ সাংস্কৃতিক জগতত এক বিশেষ স্থান দখল কৰি আছিল আৰু বহুদিন ধৰি অসমৰ থিয়েটাৰ আৰু চলচ্চিত্ৰৰ উন্নয়নত গুৰুত্বপূর্ণ অৱদান আগবঢ়াইছিল। লণ্ডনত বিশেষ প্ৰশিক্ষণ গ্ৰহণ কৰি অভিনয়, মঞ্চকলা, আৰু চলচ্চিত্ৰৰ ক্ষেত্ৰত এক পৃথক স্থান গঢ়ি তোলাৰ লগতে তেওঁ অসমীয়া ভাষাৰ সমৃদ্ধিকৰণতো বিশেষভাৱে ভূমিকা পালন কৰিছিল।
BulletsIn
- কুলদা কুমাৰ ভট্টাচাৰ্যৰ দেহাৱসান ২০২৪ চনৰ ১ নৱেম্বৰৰ নিশা ৮:২০ বজাত দিছপুৰ হাস্পতালত ঘটে। মৃত্যুৰ সময়ত তেখেতৰ বয়স ৯১ বছৰ আছিল।
- বৰ্ধক্যজনিত কাৰণত আৰু দীর্ঘদিন ধৰি অসুস্থ হৈ থকাৰ ফলত তেওঁ যোৱা ২৪ অক্টোবৰৰ পৰা চিকিৎসাধীন হৈ আছিল।
- ভট্টাচাৰ্য লণ্ডনত মঞ্চকলা, ফিল্ম আৰু টেলিভিছন বিষয়ত প্ৰশিক্ষণ গ্ৰহণ কৰা অসমৰ প্ৰথম দিকৰ শিল্পীসকলৰ অন্যতম।
- তেওঁ গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ ৰেডিঅ’ নাট ‘পৰশুৰাম’ৰ যোগেদি জনপ্ৰিয়তা অৰ্জন কৰিছিল।
- ১৯৬০ চনত অসম জাতীয় নাট্যশালা প্ৰতিষ্ঠা কৰি থিয়েটাৰক্ষেত্ৰত এক নতুন দিশ উন্মোচন কৰে।
- কুলদা কুমাৰ ভট্টাচাৰ্যই ‘হাতীবন্ধু’ ছবিখনৰ বাবে শ্ৰেষ্ঠ ধাৰাভাষ্যকাৰ হিচাপে ৬৯ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।
- তেওঁ অসমীয়া, বাংলা, হিন্দী আৰু ব্ৰিটিছ ইংৰাজী ভাষাত সাবলীলভাৱে কথা পাতিবলৈ সক্ষম আছিল।
- কাকত আলোচনীসমূহত প্ৰবন্ধ লিখাৰ উপৰিও তেওঁ কেইবাখনো গ্ৰন্থ অসমীয়ালৈ অনুবাদ কৰিছিল।
- তেওঁ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু টেলিভিছন প্ৰতিষ্ঠানৰ (জ্যোতি চিত্ৰবন) প্ৰথম সঞ্চালক আছিল।
- ভট্টাচাৰ্যই ‘লটিঘটি’, ‘প্ৰভাতী পখীৰ গান’, ‘দিকচৌ বনত পলাশ’, ‘ভিলেজ ৰকষ্টাৰছ’ আদি বহু খন অসমীয়া ছবিত অভিনয় কৰাৰ উপৰিও ‘তেজাল ঘোঁৰা’ নামৰ জনপ্ৰিয় ধাৰাবাহিক পৰিচালনা কৰিছিল।
