-৪৫ কোটি টকাত চুক্তিবদ্ধ
বলীউডৰ অন্যতম প্ৰিয় অভিনেতা ছানী দেওলে তিনিটা দশকত বহু ছুপাৰহিট ছবি দিছে। কিছু মাহ পূৰ্বে মুক্তি পোৱা ছানী দেউলৰ ‘গদৰ ২’ ছবিয়ে বক্স অফিচত অভিলেখ ভংগ কৰে। এতিয়া খবৰ আহিছে যে নিতেশ তিৱাৰীৰ ছবি ‘ৰামায়ণ’ত হনুমানৰ চৰিত্ৰত অভিনয় কৰিব ছানী দেওলে। কোৱা হয় যে এই চৰিত্ৰটোৰ বাবে ছানীয়ে বিপুল পৰিমাণৰ ধন লৈছে।
তথ্য অনুসৰি ‘ৰামায়ণ’ ছবিত ‘হনুমান’ৰ চৰিত্ৰত অভিনয় কৰিবলৈ ছানী দেওলক নিৰ্বাচিত কৰা হৈছে। খবৰ অনুসৰি হনুমানৰ চৰিত্ৰৰ বাবে ছানীয়ে ৪৫ কোটি টকাৰ ধন দাবী কৰিছে। কিছুদিন পূৰ্বে তেওঁ ‘ৰামায়ণ’ৰ সৈতে জড়িত এখন ছবিত কাম কৰাৰ ইচ্ছাও প্ৰকাশ কৰিছিল। ‘ৰামায়ণ’ ছবিখনত ৰণবীৰ কাপুৰক প্ৰভু ৰামৰ চৰিত্ৰত আৰু দক্ষিণৰ অভিনেত্ৰী ছাই পল্লৱীক সীতাৰ চৰিত্ৰত দেখা যাব। ইয়াৰ পূৰ্বে সীতাৰ চৰিত্ৰৰ বাবে আলিয়া ভট্টৰ নাম চৰ্চা চলিছিল যদিও কিবা কাৰণত তেওঁ এই ছবিখনৰ পৰা নিজৰ নাম প্ৰত্যাহাৰ কৰিছে। কোৱা হৈছে যে ‘কে জি এফ’ৰ ফেম অভিনেতা যশে ৰাৱণৰ চৰিত্ৰত অভিনয় কৰিব। এই সন্দৰ্ভত এতিয়ালৈকে কোনো আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই। ২০২৪ চনত মুক্তি পাব ‘ৰামায়ণ’ ছবি।
হিন্দুস্থান সমাচাৰ/লোকেশ/মনোজ/অৰবিন্দ
