







শোণিতপুৰ, ১০ নৱেম্বৰ :(হি.স.)। শোণিতপুৰৰ ৩১ হেজাৰ পাঁচশ প্ৰতিযোগীৰ অংশগ্ৰহণেৰে আজিৰ পৰা আৰম্ভ হৈছে অসম চৰকাৰৰ সাংস্কৃতিক মহা সংগ্ৰাম। উল্লেখ্য যে জিলাখনৰ পৌৰ এলেকাৰ পৰা গ্ৰামাঞ্চল সামৰি সৰ্বমুঠ ৮৭ টা কেন্দ্ৰত অনুষ্ঠিত হোৱা সাংস্কৃতিক মহা সংগ্ৰামৰ গীত – নৃত্যৰ প্ৰতিযোগিতাত জিলা সাংস্কৃতিক উন্নয়ন বিষয়া জিতেন কুমাৰ দাসৰ তৎপৰতাত ১৮২ গৰাকী অভিজ্ঞ শিল্পীয়ে বিচাৰক হিচাপে অংশ গ্ৰহণ কৰি আজি প্ৰথম দিনটোৰ পৰাই প্ৰতিযোগিতাৰে আনন্দপূৰ্ণ পৰিৱেশৰ সৃষ্টি কৰিছে।
জ্যোতি সংগীত, বিষ্ণুপ্ৰসাদ ৰাভাৰ গীত, ৰবীন্দ্ৰ সঙ্গীত, ভূপেন্দ্ৰ সঙ্গীত আৰু লোকগীতৰ লগতে বিহু আৰু পৰম্পৰাগত লোক নৃত্যৰ প্ৰতিযোগিতাৰ বাবে অতি আশাব্যঞ্জক ভাৱে গ্ৰামাঞ্চলৰ পৰা যথেষ্টসংখ্যক প্ৰতিযোগীয়ে যোগদান কৰি তেওঁলোকৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰিবলৈ সাজু হৈছে। আনহাতে বুজন সংখ্যক প্ৰতিযোগীৰে তেজপুৰ পৌৰ এলেকাৰ প্ৰতিযোগিতা ভূপেন হাজৰিকা কলাভূমিত আজি শুভাৰম্ভ কৰি বিশিষ্ট অভিনেতা তথা তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই শিল্পকলা তথা সাংস্কৃতিক ক্ষেত্ৰখনত তেজপুৰৰ যিহেতু সুনাম আছে সেয়েহে এই প্ৰতিযোগিতাতো তেজপুৰৰ প্ৰতিযোগীয়ে সুনাম কঢ়িয়াই অনাটো নিশ্চিত বুলি কৈ অংশগ্ৰহণকাৰী সকলক গীতৰ কথাৰ উচ্চাৰণ তথা শব্দ প্ৰয়োগত সচেষ্ট হ’বলৈ আহ্বান জনায়।
এগৰাকী কন্ঠশিল্পী হিচাপেও পৰিচিত বিধায়ক পৃথ্বিৰাজ ৰাভাই গীত পৰিবেশন কৰোতে সকলোৱেই তাল মান ৰাখি গীত পৰিবেশন কৰে সকলোৱে গোৱা গীত জনপ্ৰিয় কিয় নহয় বুলি কৈ প্ৰতিযোগী সকলক আন্তৰিকতাৰে অনুধাৱন কৰি গীতটিৰ মাজত সোমাই গৈ গীত পৰিবেশন কৰিবলৈ আহ্বান জনায়। জিলা সাংস্কৃতিক উন্নয়ন বিষয়া তথা জ্যোতি ভাৰতীৰ ভাৰপ্ৰাপ্ত বিষয়া জিতেন দাসে আঁত ধৰা আৰু সত্ৰীয়া শিল্পীৰ মাংগলিক খোল তাল বাদনেৰে শুভাৰম্ভণি হোৱা অনুষ্ঠানটিত উপস্থিত থাকি শোণিতপুৰৰ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই আমাৰ গাঁৱে ভূঞে যথেষ্ট প্ৰতিভা আছে যদিও এই প্ৰতিভাবান সকলে নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰিবলৈ এখন উপযুক্ত মঞ্চ নেপাই বাবে সেই প্ৰতিভা সমূহ সুপ্ত হৈ ৰৈছিল। কিন্তু চৰকাৰে আয়োজন কৰা এই সাংস্কৃতিক মহা সংগ্ৰামৰ কাৰ্যসূচীয়ে এনে প্ৰতিভা সমূহক উলিয়াই আনিবলৈ যে সক্ষম হ’ব সেই কথা জিলাখনৰ বুজন সংখ্যক প্ৰতিযোগীয়ে যোগদান কৰা কথাই প্ৰতিপন্ন কৰিছে বুলি মন্তব্য কৰে।
উল্লেখ্য যে তেজপুৰ পৌৰ এলেকাৰ এই প্ৰতিযোগিতাত বিচাৰক হিচাপে অংশগ্ৰহণ কৰিছে প্ৰবীণ কন্ঠশিল্পী তথা অমূল্য কাকতি বঁটা প্ৰাপক সচ্চিদানন্দ বৰাৰ লগতে জ্যোতি কলা কেন্দ্ৰ সংগীত মহাবিদ্যালয়ৰ শিক্ষক ৰমেশ ডেকা, জনপ্ৰিয় কন্ঠশিল্পী সুনয়না গোস্বামী আৰু পিংকী ভট্টাচাৰ্যই।
হিন্দুস্থান সমাচাৰ/সমীৰ/মনোজ
