মনোৰঞ্জন জগতৰ ‘ড্ৰামা কুইন’ বুলি অভিহিত অভিনেত্ৰী ৰাখী সাৱন্ত পুনৰবাৰ শিৰোনামত আছে। কোনোবা নহয় কোনোবা কাৰণত সদায় বাতৰিৰ শিৰোনাম দখল কৰা ৰাখী সাৱন্তৰ প্ৰাক্তন স্বামী আদিল খান দুৰানীৰ বাবেই এতিয়া পুনৰ বাতৰিৰ শিৰোনামা দখল কৰিছে। প্ৰাক্তন স্বামী আদিল খান দুৰানীৰ গোচৰত ৰাখীয়ে মুম্বাইৰ ছেচন আদালতৰ পৰা সকাহ পাইছে।
যোৱা কেইদিনমানৰ পৰা ৰাখী সাৱন্ত আৰু প্ৰাক্তন স্বামী আদিল খান দুৰানীৰ মাজত মতভেদ চলি আছে। কিছুদিন পূৰ্বে ব্যক্তিগত ভিডিঅ’ লিক গোচৰত অভিনেত্ৰী ৰাখী সাৱন্তৰ নাম আহিছিল। ৰাখী সাৱন্তক আদিল খান দুৰানীয়ে তেওঁৰ ব্যক্তিগত ভিডিঅ’ ফাদিল কৰাৰ অভিযোগ উত্থাপন কৰিছিল। এই গোচৰৰ শুনানি আদালতত চলি আছিল। বুধবাৰে অনুষ্ঠিত হোৱা শুনানিত মুম্বাই অধিবেশন আদালতে অভিনেত্ৰীগৰাকীক গ্ৰেপ্তাৰৰ পৰা অন্তৱৰ্তীকালীন সকাহ প্ৰদান কৰে।
ইয়াৰ পূৰ্বে ৰাখী সাৱন্তে আদিল খানৰ বিৰুদ্ধে ঘৰুৱা হিংসাৰ অভিযোগ উত্থাপন কৰিছিল। ৰাখীৰ অভিযোগৰ পিছতে মুম্বাই আৰক্ষীয়ে আদিলক গ্ৰেপ্তাৰ কৰে। জেলৰ পৰা ওলাই অহাৰ পিছত আদিলে ৰাখীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে আৰু ব্যক্তিগত ভিডিঅ’ ফাদিল কৰা বুলি কয়।
হিন্দুস্থান সমাচাৰ/লোকেশ/মনোজ
