বলীউডৰ অভিনেতা জন আব্ৰাহাম ছবিৰ একচন দৃশ্যৰ বাবে সদায় শিৰোনামত থাকে। তেওঁৰ ব্যক্তিগত জীৱন আৰু পেছাদাৰী জীৱনৰ বিষয়ে জানিবলৈ সকলোৱে কৌতুহলী। জন মুম্বাইত এটা বিলাসী বাংলো কিনিছে। জনৰ নতুন ঘৰটো খাৰৰ লিংকিং ৰোড অঞ্চলত।
জনৰ বাংলোটোৰ নাম নিৰ্মল ভৱন। লগতে এই বাংলোটো ৭৭২২ বৰ্গফুটত নিৰ্মাণ কৰা হৈছে। জন এই বাংলোটো প্ৰবীণ নাথালাল শ্বাহৰ পৰা কিনিছে। সাগৰৰ পাৰৰ সমীপত নিৰ্মিত এই বাংলোটো ক্ৰয় কৰিবলৈ জনেই ৪.২৪ কোটি টকাৰ ষ্টাম্প ড্যুটি দিছে। এই সম্পত্তিৰ পঞ্জীয়ন ২৭ ডিছেম্বৰত কৰা হৈছিল। এই বাংলোটোৰ মূল্য প্ৰায় ৭৫.০৭ কোটি টকা। ইয়াৰ পূৰ্বে জন ২০০৯ চনত এটা ঘৰ কিনিছিল। ইউনিয়ন পাৰ্কৰ সমীপৰ পাৰ্চী পৰিয়ালৰ পৰা এডোখৰ মাটি ক্ৰয় কৰিছিল। ইয়াৰ পিছত আকৌ জনে নতুন ঘৰ ক্ৰয় কৰিছে।
মুম্বাইৰ খাৰ অঞ্চলত বলীউডৰ অভিনেতা আৰু উদ্যোগপতিৰ বহু বাংলো আছে। প্ৰীতি জিন্তাৰ পৰা আৰম্ভ কৰি ছলমান খানলৈকে এই অঞ্চলত সম্পত্তি আছে আৰু বহু বিখ্যাত লোকে তাত থাকিব বিচাৰে। এই অঞ্চলত প্ৰতি বৰ্গফুটৰ মূল্য ১ৰ পৰা ১.৫ লাখ টকা।
হিন্দুস্থান সমাচাৰ/লোকেশ/মনোজ
