অৱশেষত মুক্তি পালে মনোজ বাজপেয়ীৰ বহু প্ৰত্যাশিত ৱেব ছিৰিজ ‘দ্য ফেমিলি মেন ৩’ৰ ট্ৰেইলাৰ, এয়া প্ৰত্যক্ষ কৰি দৰ্শকৰ উতসাহ বাঢ়িছে। ২ মিনিট ৪৯ ছেকেণ্ডৰ ট্ৰেইলাৰত শ্ৰীকান্ত তিৱাৰীৰ ৰূপত পুনৰ পুৰণি স্বৰূপলৈ ঘূৰি আহিছে মনোজ বাজপেয়ীয়ে, কিন্তু এইবাৰ পৰিস্থিতি আৰু ভয়াৱহ যেন দেখা গৈছে।
ট্ৰেইলাৰৰ আৰম্ভণিতে শ্ৰীকান্ত তিৱাৰীয়ে (মনোজ বাজপেয়ী) সন্তানক নিজৰ পেছাৰ বিষয়ে বুজাইছে, এজন পিতৃৰ চিন্তা আৰু এজন এজেণ্টৰ দায়িত্বৰ মাজত দ্যেদুল্যমান চৰিত্ৰ। কিন্তু এই ছিজনৰ নতুন খলনায়ক জয়দীপ আহলাৱতৰ আগমনৰ লগে লগে কাহিনীটোৱে অতি সোনকালেই বিপদজনক ৰূপ ধাৰণ কৰে। জয়দীপৰ চোকা সংলাপ আৰু উপস্থিতিয়ে লগে লগে দৰ্শকক মোহিত কৰিছে আৰু ট্ৰেইলাৰত তেওঁ মনোজক পৰাস্ত কৰা যেন লাগে। ধাৰাবাহিকখনত নিমৃত কৌৰৰ প্ৰৱেশে উত্তেজনাক আৰু অধিক ইন্ধন যোগাইছে। তেওঁৰ চৰিত্ৰটো ৰহস্যময়, আৰু ট্ৰেইলাৰত তেওঁক প্ৰায়েই দেখা পোৱা নাই যদিও প্ৰতিটো দৃশ্যতে তেওঁৰ উপস্থিতিয়ে ছাচপেন্সৰ সৃষ্টি কৰে।
ৰাজ আৰু ডি কেৰ পৰিচালনাত নিৰ্মিত এই ধাৰাবাহিকখন ডি টু আৰ ফিল্মছৰ বেনাৰত নিৰ্মাণ কৰা হৈছে। ইয়াৰ গ্ল’বেল প্ৰিমিয়াৰ ২১ নৱেম্বৰত আমাজন প্ৰাইম ভিডিঅ’ত হ’ব। প্ৰথম দুটা ছিজনৰ প্ৰচণ্ড সফলতাৰ পিছত ‘দ্য ফেমিলি মেন ৩’ই দৰ্শকৰ বাবে আন এক ৰোমাঞ্চকৰ অভিজ্ঞতা কঢ়িয়াই আনিছে যেতিয়া এজন সাধাৰণ মানুহে, যি এজন চোৰাংচোৱাও, দেশ আৰু পৰিয়ালৰ মাজত নিজৰ দায়িত্বৰ মাজত ভাৰসাম্য ৰক্ষা কৰিবলৈ চেষ্টা কৰিছে।
हिन्दुस्थान समाचार / অৰৱিন্দ
