অয়ন মুখাৰ্জীৰ পৰিচালিত ‘ৱাৰ-২’ মুক্তিৰ পিছৰে পৰা বাতৰিৰ শিৰোনাম দখল কৰিছিল আৰু দৰ্শক আৰু প্ৰযোজকসকলে এই ছবিখনৰ পৰা বহু আশা কৰিছিল। ঋত্বিক ৰোশ্বন, জুনিয়ৰ এন টি আৰ, কিয়াৰা আদবানীৰ দৰে শক্তিশালী তাৰকা উপস্থিত থকাৰ পাছতো ছবিখনে দৰ্শকক ছবিগৃহলৈ আকৰ্ষণ কৰিবলৈ সংগ্ৰাম কৰি আছে। মুক্তিৰ প্ৰথম সপ্তাহত ছবিখনে ভাল উপাৰ্জন কৰিলেও দ্বিতীয় সপ্তাহত ইয়াৰ সংগ্ৰহ হ্ৰাস পাইছে।
শেহতীয়া খবৰ অনুসৰি ‘ৱাৰ-২’ মুক্তিৰ ১৪ তাৰিখে মাত্ৰ ২.৫০ কোটি টকাৰ ব্যৱসায় কৰিছিল। ইয়াৰ লগে লগে ভাৰতত ছবিখনৰ মুঠ সংগ্ৰহ ২২৯.৭৫ কোটি টকা হৈছেগৈ। কিন্তু ৪০০ কোটি টকাৰ বিপুল খৰছত নিৰ্মিত এই ছবিখনে এতিয়ালৈকে সমগ্ৰ বিশ্বতে ৩৫০ কোটিতকৈও অধিক উপাৰ্জন কৰিছে। আশুতোষ ৰাণাইও ছবিখনত নিজৰ বলিষ্ঠ অভিনয়েৰে এক বেলেগ চিন ৰাখিছে।
বক্স অফিচত ‘ৱাৰ-২’ৰ পথ সহজ নহয়। ইয়াৰ পোনপটীয়া প্ৰতিদ্বন্দ্বিতা হৈছে ছুপাৰষ্টাৰ ৰজনীকান্তৰ ‘কুলি’ আৰু এনিমেটেড ছবি ‘মহাৱতৰা নৰসিংহ’ৰ সৈতে। ‘মহাৱতৰা নৰসিংহ’ই প্ৰথম দিনাৰ পৰাই দৰ্শকৰ মাজত এক বৃহৎ উন্মাদনাৰ সৃষ্টি কৰাৰ বিপৰীতে ৰজনীকান্তৰ ‘কুলি’ৰ স্থিতি লাহে লাহে দুৰ্বল হৈ পৰিছে। ইফালে বক্স অফিচত আহিবলৈ গৈ আছে আন এক নতুন প্ৰত্যাহ্বান। অহা ২৯ আগষ্টত মুক্তি পাবলৈ গৈ আছে সিদ্ধাৰ্থ মালহোতৰা আৰু জানহৱী কাপুৰ অভিনীত ছবি ‘পৰম সুন্দৰী’।কৰণ জোহৰৰ প্ৰযোজনা এই ছবিখন মুক্তিৰ ফলত ‘ৱাৰ-২’ৰ উপাৰ্জনত আৰু অধিক প্ৰভাৱ পৰিব পাৰে।
हिन्दुस्थान समाचार / আলোক চক্ৰৱৰ্তী
