ছলমান খানৰ ‘টাইগাৰ-৩’ ছবিখনে বক্স অফিচত বিপুল ধন উপাৰ্জন কৰিছে। দীপাৱলীত মুক্তি পোৱা এই ছবিখন চাবলৈ ছবিগৃহৰ বাহিৰত সমবেত হৈছে দৰ্শকসকল। দৰ্শকে এই ছবিখন বহুত ভাল পাইছে। ছলমান খান আৰু কেটৰিনা কাইফৰ চোৰাংচোৱা ছবিৰ এয়া তৃতীয় খণ্ড। এই ফ্ৰেঞ্চাইজিৰ পূৰ্বৰ ছবিসমূহ আছিল ‘এক থা টাইগাৰ’ আৰু ‘টাইগাৰ জিন্দা হায়’। পূৰ্বৰ দুখন ছবিৰ দৰে তৃতীয় খণ্ডতো দৰ্শকৰ হৃদয় জয় কৰাত সফল হৈছে।
‘টাইগাৰ-৩’ ছবিখনে মুক্তিৰ প্ৰথম দিনাই ৪৪.৫০ কোটি টকা সংগ্ৰহ কৰে। ইয়াৰ পিছত ছবিখন সপ্তাহৰ দিন হোৱাৰ পিছতো সোমবাৰেও ঘোঁৰা দৌৰ চলি থাকিল। ‘ছাকনিল্ক’ৰ ট্ৰেণ্ড ৰিপ’ৰ্ট অনুসৰি দ্বিতীয় দিনা ‘টাইগাৰ-৩’ই ৫৭.৫০ কোটি টকা সংগ্ৰহ কৰে। মাত্ৰ দুদিনতে ১০২ কোটিৰো অধিক উপাৰ্জন কৰি শ্বাহৰুখ খানৰ ‘পাঠান’, ‘জোৱান’, ‘বাহুবলী ২’কে ধৰি বহুকেইখন ছবিৰ অভিলেখ ভংগ কৰে। ইয়াৰ পিছত ছবিখনৰ তৃতীয় দিনৰ তথ্য ওলাইছে।
প্ৰথম আৰু দ্বিতীয় দিনৰ তুলনাত ‘টাইগাৰ ৩’ ছবিখনে তৃতীয় দিনটোত কম উপাৰ্জন কৰিছিল যদিও সংগ্ৰহৰ পৰিসংখ্যা নিশ্চিতভাৱে ভাল। ‘ছাকনিল্ক’ৰ এক প্ৰতিবেদন অনুসৰি টাইগাৰ-৩ তৃতীয় দিনটোত ৪২.৫০ কোটি টকা সংগ্ৰহ কৰিছে। ইয়াৰ লগে লগে ছবিখনৰ মুঠ তিনিদিনীয়া সংগ্ৰহ এতিয়া ১৪৬ কোটি টকা হৈছেগৈ। এই ছবিখনত ছলমান খানে টাইগাৰ (অবিনাশ সিং ৰাথোৰ) আৰু কেটৰিনা কাইফে (জোয়া) চৰিত্ৰত অভিনয় কৰিছে। ইয়াৰ উপৰিও ইমৰাণ হাছমীয়ে ছবিখনত খলনায়কৰ চৰিত্ৰত অভিনয় কৰিছে। ইয়াত শ্বাহৰুখ খান আৰু হৃতিক ৰোশনে কেমিঅ’ কৰিছে। কেৱল ভাৰততে তিনিদিনত প্ৰায় ১৪৬ কোটি টকা উপাৰ্জন কৰা এই ছবিখনে গোটেই সপ্তাহটো এনেদৰে উপাৰ্জন কৰি থাকিলে বহু ব্লকবাষ্টাৰ ছবিৰ অভিলেখ ভংগ কৰিব পাৰে।
হিন্দুস্থান সমাচাৰ/লোকেশ/মনোজ/অৰৱিন্দ
