উপাৰ্জনৰ ক্ষেত্ৰত বক্স অফিচত আলোড়নৰ সৃষ্টি কৰিছে ৰণবীৰ কাপুৰৰ বহু চৰ্চিত ছবি ‘এনিমেল’। সন্দীপ ৰেড্ডী ভাংগাৰ পৰিচালনাত নিৰ্মিত এই ছবিখনত ৰণবীৰক হিংসাত্মক ৰূপত দেখা গৈছে। এই ছবিখনৰ উন্মাদনা দৰ্শকৰ মাজত দেখা গৈছে। ‘এনিমেল’ ছবিখনে ষষ্ঠ দিনটোত উপাৰ্জন কৰিছে ৩০ কোটি টকা। ছয় দিনত এই ছবিখনে ভাৰতত ৩১২.৯৬ কোটি আৰু বিশ্বজুৰি ৫২৬.৬ কোটি টকা উপাৰ্জন কৰিছে।
ৰণবীৰৰ লগতে ৰশ্মিকা মণ্ডন্না, অনিল কাপুৰ, ববী দেওল, শক্তি কাপুৰ, ত্ৰুপতি ডিমৰিও চলিত মাহৰ ১ তাৰিখে মুক্তি পোৱা ‘এনিমেল’ ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে। মুক্তিৰ প্ৰথম দিনাই ছবিখনে বিপুল সংকলন লাভ কৰে।
‘এনিমেল’ ছবিখন চাবলৈ ছবিগৃহত ভিৰ কৰা দেখা গৈছে দৰ্শকে। বহু ঠাইত থিয়েটাৰৰ বাহিৰত হাউচফুল বৰ্ড লগোৱা হৈছে। শ্ব’ৰ পূৰ্বেও এডভান্স বুকিং কৰি ‘এনিমেল’য়ে বিপুল লাভ কৰিছিল। ভাৰতৰ উপৰিও ছবিখনে বিদেশতো বিপুল লাভ কৰিছে। ছয় দিন হ’ল ‘এনিমেল’ মুক্তিৰ। এই ছবিখনৰ উপাৰ্জন দিনক দিনে বাঢ়িছে।
‘ছাকনিলক’ৰ প্ৰাৰম্ভিক ট্ৰেণ্ড ৰিপ’ৰ্ট অনুসৰি প্ৰথম দিনাই বিশ্বজুৰি ‘এনিমেল’ই ১০০ কোটি টকা সংগ্ৰহ কৰাৰ বিপৰীতে ভাৰতত ছবিখনে ৬৩.৮ কোটি টকাৰ ব্যৱসায় কৰিছে। দ্বিতীয় দিনা ৬৬.২৭ কোটি টকা, তৃতীয় দিনা ৭১.৪৬ টকা, চতুৰ্থ দিনত ৪৩.৯৬ টকা, পঞ্চম দিনা ৩৭.৪৭ টকা আৰু ষষ্ঠ দিনত ৩০ কোটি টকা উপাৰ্জন কৰে। ছয় দিনত এই ছবিখনে ভাৰতত ৩১২.৯৬ কোটি আৰু বিশ্বজুৰি ৫২৬.৬ কোটি টকা সংগ্ৰহ কৰিছে।
ছবিখন মুক্তি পোৱাৰ ষষ্ঠ দিনটোত উপাৰ্জনৰ ক্ষেত্ৰত শ্বাহৰুখ খানৰ ‘পাঠান’, ‘জোৱান’ আৰু প্ৰভাসৰ ‘বাহুবলী-২’ক এৰি থৈ গৈছে ‘এনিমেল’। মুক্তিৰ ষষ্ঠ দিনা ‘পাঠান’ই ২৫.৫ কোটি টকা সংগ্ৰহ কৰাৰ বিপৰীতে ষষ্ঠ দিনা ‘জোৱান’ই ২৪ কোটি টকা সংগ্ৰহ কৰে। ‘বাহুবলী-২’ৰ ষষ্ঠ দিনটোত ২৬ কোটি টকা সংগ্ৰহ কৰে। উপাৰ্জনৰ দিশলৈ চালে ৰণবীৰৰ কেৰিয়াৰৰ সৰ্বাধিক উপাৰ্জনকাৰী ছবি হিচাপে পৰিগণিত হৈছে।
হিন্দুস্থান সমাচাৰ/লোকেশ/মনোজ
