নগাঁও, ০৬ ছেপ্টেম্বৰ (হি.স.)। নগাঁৱৰ অতি পুৰণি নাট্যানুষ্ঠান ৰংমহলে শুকুৰবাৰে নিশা নগাঁও জিলা পুথিভঁৰালত নিবেদন কৰিলে নাট্যকাৰ সাৰদা কান্ত বৰদলৈ দেৱৰ ৰচিত আৰু নাট্য প্ৰাণ প্ৰশান্ত শৰ্মাৰ দ্বাৰ পৰিচালিত নাটক ভোটাই ডেকা । নাটকৰ আৰম্ভতি নাট্যপৰ্ব সাৰদা কান্ত বৰদলৈ দেৱৰ ছবিত বন্তি প্ৰজ্বলন কৰে নগাঁৱৰ প্ৰাক্তন বিধায়ক ডাঃ দুৰ্লভ চুমোৱাই তেওঁক সংগ দিয়ে নগাঁৱ বিশ্ব বিদ্যালয়ৰ প্ৰথম গৰাকী উপাচাৰ্য ড° হিতেশ ডেকা আৰু সাৰদা কান্ত বৰদলৈ দেৱৰ পৰিয়ালবৰ্গই ।
সদৌ শেষত পৰিয়ালৰ তৰফৰ পৰা ভাষণ আগবঢ়াই বিশিষ্ট নাট পৰিচালক অভিনেতা উপকূল বৰদলৈযে । এই অনুষ্ঠানতে নাট্যশিল্পী ভৱজিৎ কুমাৰ শইকীয়াক প্ৰদান কৰা হয় ‘ৰংমহল ২০২৫’ সন্মান। নাটকখনত অভিনয় কৰে নগাৱঁৰ কেবাগৰাকী নবীন প্ৰবীণ শিল্পীয়ে।
—————
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু
