বলীউডৰ অভিনেতা অজয় দেৱগন আৰু ৰকুল প্ৰীত সিঙৰ বহু প্ৰত্যাশিত ছবি ‘দে দে প্যায়াৰ দে ২’ মুক্তিৰ বাবে সাজু হৈছে। মুক্তিৰ পূৰ্বে ছবিখনৰ নিৰ্মাতাসকলে আগতীয়াকৈ বুকিং খুলিছে, এই তথ্য ছ’চিয়েল মিডিয়াত অজয় দেৱগনে নিজেই শ্বেয়াৰ কৰিছে। কিন্তু প্ৰাৰম্ভিক খবৰ অনুসৰি ছবিখনৰ অগ্ৰিম বুকিংৰ আৰম্ভণি লেহেমীয়া হৈছে।
‘দে দে পিয়াৰ দে ২’ৰ অগ্ৰিম বুকিং ৰিপ’ৰ্ট:
চাকনিল্কৰ এক প্ৰতিবেদন অনুসৰি ১২ নৱেম্বৰৰ দুপৰীয়ালৈকে ‘দে দে পিয়াৰ দে ২’ৰ ৫,৩৮২ টিকট বিক্ৰী হৈছে। সমগ্ৰ দেশতে ২৬৭১টা শ্ব’ৰ বাবে এই টিকট বুকিং কৰা হৈছে। এই ছবিখনে এতিয়ালৈকে এডভান্স বুকিংৰ পৰা ₹১৯.১৯ লাখ টকা উপাৰ্জন কৰিছে। ব্লক চিটকে ধৰি এই অজয় দেৱগন ছবিখনৰ মুঠ সংগ্ৰহ ১.৩৭ কোটি ₹ অতিক্ৰম কৰিছে।
অহা ১৪ নৱেম্বৰত মুক্তি পাব দে দে প্যাৰ দে ২ নামৰ ছবিখন। ২০১৯ চনৰ ছুপাৰহিট ছবি দে দে প্যায়াৰ দেৰ ছিকুৱেল। পূৰ্বৰ ছবিখন য’ত ৰৈছিল তাৰ পৰাই কাহিনী চলি থাকিব। এইবাৰ দৰ্শকে সম্পৰ্ক, হাস্যৰস, আৱেগৰ মিশ্ৰণ অনুভৱ কৰিব। ছবিখনত অভিনয় কৰিছে অজয় দেৱগন আৰু ৰাকুল প্ৰীত সিঙৰ লগতে আৰ মাধৱন, মীজান জাফ্ৰি, আৰু গৌতমী কাপুৰ। ট্ৰেইলাৰ আৰু গীতসমূহে দৰ্শকৰ পৰা ইতিবাচক সমালোচনা লাভ কৰিছে আৰু সকলোৰে দৃষ্টি এতিয়া ১৪ নৱেম্বৰত থিয়েটাৰত মুক্তি পাব।
हिन्दुस्थान समाचार / অৰৱিন্দ
