বলীউডৰ সুদৰ্শন অভিনেতা হৰ্ষবৰ্ধন ৰানে আৰু পাঞ্জাবী চিনেমাৰ ৰাণী সোণম বাজৱাক অতি সোনকালে প্ৰথমবাৰৰ বাবে ডাঙৰ পৰ্দাত একেলগে দেখা যাব। এই দুগৰাকী তাৰকাৰ যুটিৰ সৈতে লৈ আহিছে পৰিচালক মিলাপ মিলন জাভেৰীয়ে তেওঁৰ নতুন ছবি ‘এক দীৱানে কি দীৱানিয়াত’। ছবিখনৰ নাম যিমানেই আমোদজনক সিমানেই ইয়াৰ কাহিনীও আকৰ্ষণীয় বুলি কোৱা হৈছে।
শেহতীয়াকৈ নিৰ্মাতাসকলে ছবিখনৰ প্ৰথমখন পোষ্টাৰ মুকলি কৰি দৰ্শকৰ মাজত উত্তেজনা আৰু অধিক বৃদ্ধি কৰিছে। পোষ্টাৰখনত দেখা গ’ল হৰ্ষবৰ্ধন আৰু সোণমৰ প্ৰচণ্ড ৰোমান্টিক কেমিষ্ট্ৰী। পোষ্টাৰখন ছ’চিয়েল মিডিয়াত অহাৰ লগে লগে আলোড়নৰ সৃষ্টি কৰাৰ লগতে এই দুয়োৰে নতুন যুটিটোক লৈ অনুৰাগীসকল অতিশয় উৎসাহিত যেন লাগিছে। ছবিখন প্ৰযোজনা কৰিছে অংশুল গাৰ্গ আৰু দীনেশ জৈনে। একে সময়তে কাহিনীৰ কথা ক’বলৈ গ’লে ই এখন ৰোমান্টিক থ্ৰিলাৰ, য’ত দেখা যাব প্ৰেম, আবেগ, ঘৃণা আৰু উন্মাদনাৰ সকলো ৰং। কোৱা হৈছে যে ছবিখনৰ আখ্যানে আৰম্ভণিৰ পৰা শেষলৈকে দৰ্শকক নিয়োজিত কৰি ৰাখিব আৰু আৱেগৰ লগতে ই ৰোমাঞ্চ আৰু টুইষ্টেৰেও ভৰপূৰ হ’ব।
ছবিখনৰ মুক্তিৰ তাৰিখো ঘোষণা কৰিছে নিৰ্মাতাসকলে। দীপাৱলীৰ বিশেষ উপলক্ষে অহা ২১ অক্টোবৰ, ২০২৫ তাৰিখে ছবিগৃহত মুক্তি পাব ‘এক দীৱানে কি দীৱানিয়ত’। অৰ্থাৎ এইবাৰ দীপাৱলীত দৰ্শকে আৱেগিক অথচ ৰোমাঞ্চৰে ভৰা প্ৰেম কাহিনীৰ উপহাৰ লাভ কৰিবলৈ ওলাইছে। ইয়াৰ উপৰিও কাইলৈ অৰ্থাৎ ২২ আগষ্টত মুক্তি পাব ছবিখনৰ টিজাৰ, যাৰ আভাসৰ বাবে অনুৰাগীসকলে আগ্ৰহেৰে অপেক্ষা কৰি আছে। আশা কৰা হৈছে যে টিজাৰৰ পিছত ছবিখনক লৈ উত্তেজনা আৰু অধিক বৃদ্ধি পাব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
