এই বছৰটো হিন্দী মনোৰঞ্জন উদ্যোগৰ বাবে অতি বিশেষ। ২০২৪ চনত মুক্তি পাবলৈ গৈ আছে বহু বিগ বাজেটৰ ছবি। চিনেমাপ্ৰেমীৰ মাজত এই বহু প্ৰত্যাশিত ছবিৰ বাবে উন্মাদনা। ‘ফাইটাৰ’ ছবিৰ পৰা আৰম্ভ কৰি ‘মেইন অটল হু’লৈকে বিভিন্ন থিমৰ ছবি ২০২৪ চনত মুক্তি পাবলৈ গৈ আছে।
যোৱা কেইদিনমানৰ পৰা বাতৰিৰ শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছে ‘ফাইটাৰ’ ছবিখনে। ২০২৪ চনৰ ২৫ জানুৱাৰীত পৰ্দাত মুক্তি পাব ছবিখন। এই ছবিখনত গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে হৃতিক ৰোশন, দীপিকা পাডুকন আৰু অনিল কাপুৰে। দক্ষিণৰ ছুপাৰষ্টাৰ অল্লু অৰ্জুনৰ ‘পুষ্পা-২’ ছবিগৃহত মুক্তি পাব ২০২৪ চনৰ ১৫ আগষ্টত। এই ছবিখনক লৈ দৰ্শকৰ মাজত যথেষ্ট কৌতুহলৰ সৃষ্টি হৈছে। ৰোহিত শ্বেট্টীৰ পৰিচালিত ছবি ‘ছিংঘম এগেইন’ও ২০২৪ চনৰ ১৫ আগষ্টত ছবিগৃহত মুক্তি পাব। ২০২৪ চনৰ ১৬ ফেব্ৰুৱাৰীত ছবিগৃহত মুক্তি পাব একতা কাপুৰৰ ছবি ‘লাভ চেক্স ঔৰ ধোখা-২’। এই ছবিখন পৰিচালনা কৰিছে দিৱাকৰ বেনাৰ্জীয়ে। দক্ষিণৰ ছুপাৰষ্টাৰ তেজা সাঝাৰ আগন্তুক ছবি হনুমান ২০২৪ চনৰ ১২ জানুৱাৰীত ছবিগৃহত মুক্তি পাব। ১১টা ভাষাত মুক্তি পাব ছবিখন।
জনপ্ৰিয় ছবি মেৰী ক্ৰীছমাছ পৰিচালনা কৰিছে শ্ৰীৰাম ৰাঘৱনে। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে কেটৰিনা কাইফ আৰু বিজয় ছেঠুপাঠীয়ে। অহা ১২ জানুৱাৰীত ছবিগৃহত মুক্তি পাব এই ছবিখন। কেপ্তেইন মিলাৰ ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে ধনুষে। এই ছবিখন ২০২৪ চনৰ ১২ জানুৱাৰীত মুক্তি পাব। এটা সঁচা ঘটনাৰ আধাৰত নিৰ্মিত ‘চন্দু চেম্পিয়ন’ ছবিখন। এই ছবিখনত কাৰ্তিক আৰিয়ানে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। ২০২৪ চনৰ ১৪ জুনত মুক্তি পাব ছবিখন।
দৰ্শকৰ বহু প্ৰত্যাশিত ছবি ‘মেইন অটল হু’ পৰিচালনা কৰিছে ৰবি জাধৱে। এই ছবিখনৰ কাহিনী লিখিছে ঋষি বীৰমানুৱে। এই ছবিখনত পংকজ ত্ৰিপাঠীয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ চৰিত্ৰত অভিনয় কৰিছে। ১৯ জানুৱাৰীত ছবিগৃহত মুক্তি পাব এই ছবিখন। যোধা ছবিখন হৈছে একচন থ্ৰিলাৰ ছবি, য’ত অভিনয় কৰিছে সিদ্ধাৰ্থ মালহোত্ৰা, দিশা পাটানি আৰু ৰাশী খান্নাই মুখ্য চৰিত্ৰত। এই ছবিখন ২০২৪ চনৰ ১৫ মাৰ্চত মুক্তি পাব।
‘ৱেলকাম টু দ্য জংগল’ ছবিখনো এইবাৰ মুক্তিৰ বাবে সাজু হৈছে। ‘ৱেলকাম টু দ্য জংগল’ ছবিখনত অক্ষয় কুমাৰ, আৰ্শ্বদ ৱাৰ্ছি আৰু সঞ্জয় দত্তই গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে। ‘কলকী ২৮৯৮ এডি’ ছবিখনৰ ৰচনা আৰু পৰিচালক চি আছৱানী। এই ছবিখনত প্ৰভাস, অমিতাভ বচ্চন, কমল হাছান, দীপিকা পাডুকন, দিশা পাটানিয়ে গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে। চলিত বৰ্ষৰ ঈদৰ দিনা মুক্তি পাবলগীয়া ছবি ‘বড়ে মিয়াঁ ছোটে মিয়াঁ’ৰ পৰিচালক আলী আব্বাছ জাফৰ। এই ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে টাইগাৰ শ্ৰফ আৰু অক্ষয় কুমাৰে।
ছিৰুথাই শিৱৰ পৰিচালিত কাংগুৱা ছবিখনেও দৰ্শকক মনোৰঞ্জন দিবলৈ সাজু হৈছে। এই ছবিখনত নৱম শতিকাৰ পৰা একবিংশ শতিকালৈকে কাহিনী দেখুওৱা হ’ব। জুনিয়ৰ এনটিআৰৰ ছবি দেৱৰা শীঘ্ৰে পৰ্দাত মুক্তি পাব। শেহতীয়াকৈ মুক্তি লাভ কৰিছে এই ছবিখনৰ টিজাৰ। ২০২৪ চনৰ আগষ্ট মাহত মুক্তি পাব অমৰ কৌশিকৰ পৰিচালক ছবি ষ্ট্ৰী-২। এই ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে তমন্নাহ ভাটিয়া, পংকজ ত্ৰিপাঠী, ৰাজকুমাৰ ৰাও, শ্ৰদ্ধা কাপুৰে।
‘ইণ্ডিয়ান-২’ ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে কমল হাছানে। তেওঁ দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ দিয়া এজন পুৰণি স্বাধীনতা সংগ্ৰামীৰ চৰিত্ৰত অভিনয় কৰিছে। এই ছবিখন ২০২৪ চনৰ এই বৰ্ষতহে মুক্তি পাব। ভূল ভুলাইয়া ২ ছবিখনৰ সফলতাৰ পিছত এই ছবিখনৰ তৃতীয় খণ্ডৰ বাবে অপেক্ষা কৰি আছে দৰ্শকে। ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ শ্বেয়াৰ কৰি কাৰ্তিক আৰিয়ানে ‘ভূল ভুলাইয়া-৩’ৰ কথা ঘোষণা কৰে। ২০২৪ চনৰ দীপাৱলীত পৰ্দাত মুক্তি পাব এই ছবিখন। ২০২৪ চনৰ ১৫ নৱেম্বৰত ছবিগৃহত মুক্তি পাব অজয় দেৱগানৰ ছবি ‘ৰেইড-২’। অময়া পাটনায়কক আকৌ এবাৰ চাবলৈ আগ্ৰহী দৰ্শক। এটা সঁচা ঘটনাৰ আধাৰত নিৰ্মিত ‘চন্দু চেম্পিয়ন’ ছবিখনত কাৰ্তিক আৰিয়ানে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। এই ছবিখন ২০২৪ চনৰ ১৪ জুনত মুক্তি পাব। শীঘ্ৰে পৰ্দাত মুক্তি পাব ৰাজকুমাৰ ৰাও আৰু জাহ্নৱী কাপুৰৰ ছবি ‘মিষ্টাৰ এণ্ড মিচেছ মাহী’। ই এক ৰোমান্টিক ক্ৰীড়া নাটক। ২০২৪ চনৰ ১৯ এপ্ৰিলত পৰ্দাত মুক্তি পাব ছবিখন। ২০২৪ চনৰ ২ অক্টোবৰত ছবিগৃহত মুক্তি পাব অক্ষয় কুমাৰৰ ছবি ‘স্কাই ফৰ্চ’। ভাৰতৰ প্ৰথম আকাশযুদ্ধৰ আধাৰত নিৰ্মিত এই ছবিখন।
হিন্দুস্থান সমাচাৰ/লোকেশ/মনোজ/অৰবিন্দ
