


















































যোৰহাট, ২৭ ডিছেম্বৰ ( হি স )। শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰৰ পূৰ্ণ পৃষ্ঠপোষকতাত ইতিমধ্যে চলি থকা টীয়কৰ চটাইস্থিত আয়ুস ফাৰ্মাচী ইনষ্টিটিউটৰ প্ৰেক্ষাগৃহত ফাৰ্মেচী কাউন্সিল অফ ইণ্ডিয়াৰ নিৰ্দেশনা মৰ্মে ডি ফাৰ্ম ডিপ্লমাধাৰী ছাত্ৰ ছাত্ৰীসকলৰ অনুজ্ঞাপত্ৰ লাভৰ চূড়ান্ত পৰীক্ষাত সহায়ক হোৱাকৈ আয়ুস ফাৰ্মাচী ইনষ্টিটিউটে প্ৰকাশ কৰি উলিওৱা CRACK YOUR EXIT EXAM শীৰ্ষক গ্ৰন্থখনি আজি শুভ উন্মোচন কৰা হয়।
ইনষ্টিটিউটৰ ছাত্ৰ সুদৰ্শন বৰাই আঁতধৰা উক্ত উন্মোচন সভাত বিশিষ্ট অতিথি হিচাপে আসাম কাজিৰঙা ইউনিভাৰ্চিটিৰ স্কুল অফ ফাৰ্মাচীৰ ডিন প্ৰফেচৰ ৰাজেশ জেচুডেচন,আমন্ত্ৰিত অতিথি হিচাপে যোৰহাট ভেলী হাই একাডেমীৰ পৰিচালিকা সুমনা কৌশিক বৰুৱা,জ্ঞানপীঠ একাডেমীৰ সঞ্চালক প্ৰদীপ চুতীয়া,আয়ুস শৈক্ষিক ন্যাসৰ বিষয়া ৰমেন বৰপাত্ৰগোঁহাই,নিৰঞ্জন বৰগোঁহাই,ভেলী হাই একাডেমীৰ প্ৰৱক্তা জাহ্নৱী শইকীয়া,আয়ুস ফাৰ্মেচী ইনষ্টিটিউটৰ কোষাধ্যক্ষ প্ৰাঞ্জল দেৱগোস্বামী,অধ্যক্ষা পৰিমিতা কলিতাকে প্ৰমুখ্য কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকি সহযোগিতা আগবঢ়াই আৰু আয়ুস ফাৰ্মেচী ইনষ্টিটিউটে লোৱা এই পদক্ষেপক সকলোৱে আদৰণি জনায়। ইপিনে এই গ্ৰন্থখনৰ অনুজ্ঞাপত্ৰ অন লাইন মাধ্যমত উপলব্ধ হ”ব বুলি জানিবলৈ দিছে উদ্যোক্তাসকলে।
উল্লেখযোগ্য যে উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি ইনষ্টিটিউটৰ বাৰ্ষিক ক্ৰীড়া প্ৰতিযোগিতাৰ বঁটা বিতৰণী আৰু নৱাগত আদৰণি সভা অনুষ্ঠিত কৰে ইনষ্টিটিউট কৰ্তৃপক্ষই।
হিন্দুস্থান সমাচাৰ/নিৰ্মলেন্দু/মনোজ
