মনোৰঞ্জন জগতৰ পৰা আহিছে এক অতি দুখজনক খবৰ। দীৰ্ঘদিন ধৰি বয়সৰ লগত জড়িত ৰোগত ভুগি থকা জ্যেষ্ঠ অভিনেতা অচ্যুতা পটদাৰ ৯১ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে। ১৮ আগষ্টত হঠাতে তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটে, তাৰ পিছত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। সকলো চেষ্টা কৰিও চিকিৎসকে তেওঁক বচাব নোৱাৰিলে আৰু তেওঁ শেষ উশাহ ল’লে। তেওঁৰ মৃত্যুৰ খবৰে চলচ্চিত্ৰ জগতত গভীৰ শোক প্ৰকাশ কৰিছে।
সৰল শৈলী আৰু স্বাভাৱিক অভিনয়েৰে দৰ্শকৰ হৃদয়ত গভীৰ ছাপ পেলোৱা শিল্পীসকলৰ ভিতৰত অচ্যুতা পটদাৰ অন্যতম আছিল। ১৯৮০ চনত তেওঁৰ অভিনয় যাত্ৰা আৰম্ভ কৰিছিল ‘আক্ৰোছ’ ছবিৰ জৰিয়তে, য’ত তেওঁৰ সৈতে আছিল নাছিৰুদ্দিন শ্বাহ আৰু ওম পুৰীৰ দৰে প্ৰবীণ অভিনেতা । ইয়াৰ পিছত তেওঁ কেৱল হিন্দীতে নহয়, মাৰাঠী চিনেমাতো নিজৰ সবল উপস্থিতি গঢ়ি তুলিছিল। প্ৰায় চাৰি দশকজুৰি চলি থকা কেৰিয়াৰত অচ্যুতা পটদাৰে ১২৫খনতকৈও অধিক ছবিত কাম কৰিছিল। তেওঁৰ ভূমিকা হয়তো কেতিয়াবা সহযোগী চৰিত্ৰত আছিল যদিও অভিনয়ৰ সত্যতা আৰু স্বতঃস্ফূৰ্ততাই প্ৰতিটো চৰিত্ৰকে স্মৰণীয় কৰি তুলিছিল।
আমিৰ খানৰ ব্লকবাষ্টাৰ ছবি ‘৩ ইডিয়টছ’ত অধ্যাপকৰ চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ হৃদয় জয় কৰিছিল। ইয়াৰ উপৰিও তেওঁ ‘লগে ৰহো মুন্না ভাই’, ‘ৰংগীলা’, ‘পৰিণীতা’, ‘বাস্তৱ’, ‘ফেৰাৰী কি সৱাৰী’, ‘দবং ২’ আৰু ‘ভূতনাথ’ আদি জনপ্ৰিয় ছবিত অভিনয় কৰিছিল। প্ৰতিখন ছবিতে নিজৰ নিজৰ শৈলীৰে অৰিহণা যোগাই যিকোনো চৰিত্ৰৰ লগত খাপ খুৱাব পৰা ক্ষমতা আছে বুলি প্ৰমাণ কৰিলে। চলচ্চিত্ৰৰ উপৰিও তেওঁ বহু টিভি ধাৰাবাহিকৰ অংশ আছিল আৰু তাতো তেওঁৰ শক্তিশালী অভিনয়েৰে নিজৰ নাম উজলাইছিল। অচ্যুতা পটদাৰৰ মৃত্যুত মনোৰঞ্জন জগতত শোকৰ জোৱাৰ উঠিছে। সহ অভিনেতা, পৰিচালক আৰু তেওঁৰ অনুৰাগীসকলে ছ’চিয়েল মিডিয়াৰ জৰিয়তে তেওঁক শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে তেওঁৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
