
হাইলাকান্দি, ০১ ছেপ্তেম্বৰ (হি.স.): হাইলাকান্দিত যোৱা কালি দেওবাৰে সন্ধিয়া জব্দ কৰা হয় বৃহৎ পৰিমানৰ বিলাতী সুৰা। আৰক্ষীৰ নাকা চেকিঙত জব্দ ৩৮ কাৰ্টন বিলাতি সুৰা।
হাইলাকান্দি জিলাৰ লক্ষীনগৰ আৰক্ষী চকীৰ অন্তৰ্গত আয়নাখান তিনিআলিত শনিবাৰ নিশাৰ পৰা নাকা লক্ষীনগৰ আৰক্ষী পোষ্টৰ ভাৰপ্ৰাপ্ত বিষয়া কল্পজ্যোতি বৰাৰ নেতৃত্বত চেকিং চলিছিল আৰু নাকা চেকিঙৰ সময়ত গুৱাহাটিৰ পৰা অহা এএছ ২৬ এচি ০৪২৯ নম্বৰৰ এখন ছয় চকীয়া গাড়ীত তালাচীৰ সময়ত বিলাতী সুৰা খিনি ওলাই পৰে। গেলামাল দোকানৰ সামগ্ৰীৰ লগতে বিলাতী সুৰা খিনি মিজোৰামত লৈ গৈ আছিল । আৰক্ষীৰ চেকিঙত এই ট্ৰাকখ্ন জব্দ কৰি প্ৰায় ৩৮ কাৰ্টন বিলাতী সুৰা জব্দ কৰে। লগতে দুজন যুবককো আটক কৰে লক্ষীনগৰ আৰক্ষীয়ে। আটক কৰা দুই যুৱক হৈছে ৰহিম উদ্দিন তাপাদাৰ আৰু নিজাম উদ্দিন মজুমদাৰ।বৰ্তমানে লক্ষীনগৰ আৰক্ষীয়ে আটক কৰা দুই যুৱকক সোধাপোছা অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
