
হোজাই, ২৪ জুলাই (হি.স.)। অসম আৰক্ষীৰ নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত আছে। নিশাৰ ভাগত চলন্ত ট্ৰেইনত অভিযান চলাই সন্দেহযুক্ত নিচাজাতীয় দ্ৰব্যৰ লগতে এজনক আটক কৰা হৈছে। আটকাধীন যুৱক জনৰ নাম অমৰেশ কুমাৰ আৰু তেওঁৰ ঘৰ বিহাৰত।
নামনিমুৱা তিনিচুকীয়া পেছেঞ্জাৰ ট্ৰেইনখনত অভিযান চলাই নিচাজাতীয় দ্ৰব্যৰ লগতে বহিঃৰাজ্যৰ যুৱকজনক আটক কৰিবলৈ সক্ষম হয়। কাৰ্বি আংলং জিলাৰ ডিএছপি জুবিন বৰাৰ নেতৃত্বত চলাইছিল এই অভিযান। আটক কৰি লোকজনক লামডিঙ ৰে’ল আৰক্ষীক গতাই দিয়ে।
—————
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
