
শোণিতপুৰ, ২৫ জুন (হি.স.)। শোণিতপুৰৰ বালিপৰাত ১১ টাকৈ ড্ৰাগছ ভৰ্তি কন্টেইনাৰ সহ এজন যুৱকক আটক কৰা হৈছে। শোণিতপুৰৰ চাৰিদুৱাৰ থানাৰ অন্তৰ্গত বালিপৰাত ড্ৰাগছৰ ১১ টা কন্টেইনাৰসহ আটকাধীন যুৱকজনৰ নাম প্ৰকাশ ৰায় বুলি জনা গৈছে ।
উল্লেখ্য যে যুৱকজনে সন্দেহজনক ভাবে নিশা ঘুৰি থকা অবস্থাত বালিপৰাৰ দীঘলীৰ কেইজনমান ব্যক্তিৰ সোধ পোচ কৰি যুৱকজনক তালাচী চলোৱাত যুৱকজনৰ জেপৰ পৰা ১১ টাকৈ ড্ৰাগছভৰ্তী কন্টেইনাৰ ওলায় পৰে। লগে যুৱককেইজনে চাৰিদুৱাৰ আৰক্ষীক খবৰ দিয়াত চাৰিদুৱাৰ আৰক্ষীয়ে প্ৰকাশ ৰায় নামৰ যুৱকজনক আটক কৰে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
