
ভুৱা আৰক্ষী সাজি ৫টা সোণৰ আঙটি আৰু এটা গলৰ চেইন লুটি নিলে ভুৱা আৰক্ষীয়ে।
ধুবুৰী ১০ ছেপ্তেম্বৰ (হি.স.): ধুবুৰীৰ কালিবাৰী কেকুৰিত স্বপন সাহা নামৰ এজন লোকৰ পৰা প্ৰৱঞ্চনাৰে ৫টা সোণৰ আঙটি আৰু এডাল গলৰ চেইন লুটি নিলে ভুৱা আৰক্ষীয়ে। লোক জন কলকাতাৰ পৰা ধুবুৰী আহি পোৱাৰ পিছতেই প্ৰৱঞ্চনাৰ বলি হয় ।
প্ৰাপ্ত তথ্য অনুসৰি স্বপন সাহা নামৰ লোকজনে চাহৰ দোকানৰ পৰা মিঠাই ক্ৰয় কৰি বাহিৰলৈ অহাৰ সময়তে দোকানখনৰ বাহিৰত বাইকত থকা দুজন লোকৰ এজনে স্বপন সাহাক একাষৰীয়া কৰি মাতি নিয়ে । অচিনাকি লোকজনে পাছত আই কাৰ্ড দেখুৱাই নিজকে আৰক্ষীৰ লোক বুলি পৰিচয় দিয়ে। লগতে কয় যে আপোনাৰ হাতত ইমান আঙুঠী কিয়? মোৰ ওচৰত চিলনীচোৰৰ খৱৰ আছে। ইয়াত টেৰেৰিষ্ট সোমাইছে। আপোনাৰ হাতৰ আঙুটি বিলাক খুলি পেলাওক, আৰু গলৰ চেইন ডালো খুলি পেলাওক। পাছত ভুৱা আৰক্ষী জনে নিজে কাগজ এখন আগবঢ়াই দি কাগজত ৰাখিবলৈ কয় লগতে সেই ৫ টা আঙুটি আৰু গলৰ সোণৰ চেইনটো এগেলগে কাগজত মেৰুৱাই স্বপন সাহাৰ মিঠাইৰ পেকেটত ভৰাই দিয়ে। আৰু কয় যে সেই ফালে যাওক, ডাঙৰ ছাৰ আছে তাতে যাওক। স্বপন সাহাই অলপ দূৰ যোৱাৰ পিছত গৈ কোনো লোকক নেদেখাত সন্দেহ উপজিল, নিজৰ মিঠাইৰ পেকেটৰ ভিতৰত থকা কাগজত মেৰিওৱা টোপোলা খুলি দেখিবলৈ পায় বালি মাটি দিআছে। অৰ্থাৎ কাগজৰ টোপলা কেতিয়া সলনি কৰিলে গমকে নাপালে। লগে লগে আহি দেখে ভুৱা আৰক্ষী দুজনেও নাই। বৰ্তমানে ধুবুৰী সদৰ থানাত এখন এজাহাৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে। ইতিমধ্যে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। ইফালে দোকানৰ চিচিটিভি ফুটেজত ভুৱা আৰক্ষী দুজনৰ ছবি আবদ্ধ হৈছে।
উল্লেখ্য যে স্বপন সাহাৰ ঘৰ দক্ষিণ পাৰৰ হাট শিঙিমাৰীত। তেওঁ কলকাতাৰ পৰা আহি ধুবুৰী আহি পাইছিল। ধুবুৰীত আহিয়েই তেওঁৰ লাগিল শনি।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
