বুডাপেষ্ট, ১০ ছেপ্টেম্বৰ (হি.স.)। ফিফা বিশ্বকাপ ২০২৬ কোৱালিফায়াৰত মঙলবাৰে নিশা হাংগেৰীক ৩-২ গ’লত পৰাস্ত কৰি পইণ্ট তালিকাৰ শীৰ্ষস্থান দখল কৰে পৰ্তুগালে।
মানচেষ্টাৰ চিটিৰ জোৱাও কান্সেলোৱে বক্সৰ প্ৰান্তৰ পৰা এক সুন্দৰ গ’ল দি বিজয়ী গ’লটো দিয়ে। একে সময়তে তাৰকা ষ্ট্ৰাইকাৰ ক্রিষ্টিয়ানো ৰোনাল্ডোৱেও এটা গ’ল দি বিশ্বকাপৰ কোৱালিফাইংত সৰ্বাধিক গ’ল দিয়াৰ যৌথ অভিলেখ গঢ়িবলৈ সক্ষম হয়।
প্ৰথম দুখন মেচত একেৰাহে জয়ৰ পঞ্জীয়ন কৰিছে ৰবাৰ্ট মাৰ্টিনেজৰ দলটোৱে। ইয়াৰ পূৰ্বে আৰ্মেনিয়াক ৫-০ গ’লত পৰাস্ত কৰিছিল। এতিয়া পৰ্তুগালে ৬ পইণ্টেৰে গ্ৰুপ এফত শীৰ্ষস্থান দখল কৰাৰ বিপৰীতে আৰ্মেনিয়াই ৩ পইণ্টেৰে দ্বিতীয় স্থানত আছে।
অৱশ্যে হাংগেৰীৰ সপক্ষে মেচ আৰম্ভ হয়। ফেৰেঞ্চভাৰোছ ক্লাবৰ ষ্ট্ৰাইকাৰ বাৰ্নাবাছ ভাৰ্গাই জোল্ট নাগীৰ ক্ৰছৰ পৰা হেডেৰে গ’ল দি আয়োজক দলক অগ্ৰগতি প্ৰদান কৰে।
প্ৰথমাৰ্ধত হাংগেৰীৰ গ’লৰক্ষক বালাজ টোথে ৰোনাল্ডোৰ শ্বটটো ওচৰৰ পৰা উজ্জ্বলভাৱে ৰখাই দিয়ে। কিন্তু ছয় মিনিটৰ পাছত মানচেষ্টাৰ চিটিৰ মিডফিল্ডাৰ বাৰ্নাৰ্ডো ছিলভাই সুযোগ পাই গ’ল দি ১-১ গ’লত অগ্ৰগতি লাভ কৰে।
দ্বিতীয়াৰ্ধত ৫৮ মিনিটত ৰোনাল্ডোৱে পেনাল্টি দি পৰ্তুগালক ২-১ গ’লত আগুৱাই লৈ যায়। এই গ’লটোৱেই আছিল তেওঁৰ বিশ্বকাপৰ কোৱালিফাইং কেৰিয়াৰৰ ৩৯ সংখ্যক গ’ল, যাৰ সহায়ত তেওঁ গুৱেটামালাৰ প্ৰাক্তন তাৰকা কাৰ্লোছ ৰুইজৰ অভিলেখৰ সমতা স্থাপন কৰিছিল।
৮৪ মিনিটত ভাৰ্গাই আন এটা হেডাৰেৰে গ’ল দি হাংগেৰীক সমতা স্থাপন কৰে। কিন্তু মাত্ৰ দুমিনিটৰ পাছত পৰ্তুগালে বল কাঢ়ি লৈ দ্ৰুতগতিত আক্ৰমণ চলায় আৰু কান্সেলোৱে নিৰ্ণায়ক গ’লটো দি দলটোক ৩-২ গ’লত জয়লাভ কৰে।
১৯৮৬ চনৰ পৰা হাংগেৰীয়ে বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰিব পৰা নাই আৰু পৰ্তুগালৰ বিৰুদ্ধে এতিয়ালৈকে এটাও জয় পঞ্জীয়ন কৰিব পৰা নাই।
हिन्दुस्थान समाचार / অৰৱিন্দ
