ধুবুৰী, ২২ ডিছেম্বৰ (হি.স.): ধুবুৰীত আৰক্ষীৰ জালত পৰিছে বৃহৎ পৰিমাণৰ সন্দেহযুক্ত ব্ৰাউন চুগাৰসহ এজন ড্ৰাগছ মাফিয়া। বৃহস্পতিবাৰে সন্ধিয়া আৰক্ষীৰ নাকা চকিঙত ধুবুৰী চহৰৰ বিদ্যাপাৰা অঞ্চলৰ পৰা বৃহৎ পৰিমাণৰ সন্দেহযুক্ত ব্ৰাউন চুগাৰসহ এজন ড্ৰাগছ মাফিয়াক কৰায়ত্ত্ব কৰে। ধৃত ড্ৰাগছ মাফিয়া জন বিদ্যাপাৰা অঞ্চলৰ আনোৱাৰ শিকদাৰ।
পুৰ্বেও এনডিপিএছ গোচৰত গ্ৰেপ্তাৰ হৈছিল ড্ৰাগছ মাফিয়া আনোৱাৰ শিকদাৰ। প্ৰায় ১২০ গ্ৰাম সন্দেহজনক ব্ৰাউন চুগাৰ ভৰ্তি দুটাকৈ চাবোনৰ বাকচ জাতীয় সামগ্ৰী উদ্ধাৰ কৰা হৈছে। ড্ৰাগছ মাফিয়া জনে ব্যৱহাৰ কৰা এএছ ১৭/এইচ ০৯৪৩ নম্বৰৰ এখন স্কুটীও জব্দ কৰিছে আৰক্ষীয়ে। সম্প্ৰতি ড্ৰাগছ মাফিয়া জনক ধুবুৰী আৰক্ষীয়ে জেৰা চলাই আছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
