শিৱসাগৰ, ২৮ নৱেম্বৰ (হি.স.): শিৱসাগৰ জিলাৰ আমগুৰিত এইবাৰ ঠিকাদাৰৰ ৰূপত নামি পৰিছে গাওঁ পঞ্চায়তৰ কৰ্মী । আমগুৰি গাওঁ পঞ্চায়তৰ সমন্বয়ক মাধৱ দাসে চৰকাৰৰ নিৰ্দেশনাক বুঢ়া আঙুলি দেখুৱাই নামি পৰিছে প্ৰধানমন্ত্ৰী আৱাস গৃহ নিৰ্মাণৰ ঠিকাদৰৰ ৰূপত । চৰকাৰে দুৰ্নীতি অনিয়ম ৰোধ কৰাৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী আৱাস গৃহ যোজনাৰ জৰিয়তে দৰিদ্ৰ হিতাধিকাৰীক গৃহ নিৰ্মাণৰ বাবে পোনপটীয়াকৈ একাউণ্টত ধন প্ৰদান কৰিছে। তেনে সময়তে, দৰিদ্ৰ সহজ-সৰল হিতাধিকাৰীৰ গৃহ নিৰ্মাণৰ ক্ষেত্ৰত ঠিকাদাৰৰ ৰূপত অৱত্তীৰ্ণ হৈছে গাঁও পঞ্চায়তৰ সমন্বয়ক মাধৱ দাস ।
আমগুৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত হালোৱাটিং চাহ বাগিছাৰ ৰাধে মুণ্ডা নামৰ হিতাধিকাৰী গৰাকীয়ে প্ৰধানমন্ত্ৰী আৱাস গৃহ নিৰ্মাণৰ বাবদ চৰকাৰৰ পৰা লাভ কৰিছে ধন । ৰাধে মুণ্ডাই ধন লাভ কৰা খবৰ পোৱাৰ লগে লগে নগদ এঘাৰ হাজাৰ টকা জুৰ জুলুম কৰি লৈ পৰিমাণতকৈ অধিক শিল যোগান ধৰাৰ ঠিকাদাৰৰ ৰূপত অৱত্তীৰ্ণ হোৱাৰ অভিযোগ উত্থাপন হৈছে । অনাহকত টকা ব্যয় কৰাৰ বাবে গৃহ নিৰ্মাণত সমস্যাৰ সৃষ্টি হৈছে দৰিদ্ৰ হিতাধিকাৰী গৰাকীৰ । শাসনাধিষ্ঠ চৰকাৰ খনে দুৰ্নীতি নিৰ্মূল কৰাৰ অহৰহ চেষ্টা চলাই থকাৰ সময়তে দাবী ধমকিৰে দৰিদ্ৰ হিতাধিকাৰীৰ পৰা ধন লৈ ঠিকাদাৰৰ ৰূপত অৱত্তীৰ্ণ হ’বলৈ চেষ্টা কৰা মাধৱ দাসৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতি । অতি শীঘ্ৰেই এই সন্দৰ্ভত উচিত তদন্ত দাবী কৰিছে সংগঠনটোৱে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
