ধুবুৰী, ০১ মে’ : নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ধুবুৰীৰ সাপটগ্ৰামত মঙলবাৰে নিশা মাৰণাস্ত্ৰসহ তিনিজন ব্যক্তিক আটক কৰা হৈছে। এটা মৰণাস্ত্ৰ, দুটা মেগজিন আৰু চাৰিজাই গুলিসহ তিনিগৰাকীকৈ ব্যক্তিক আটক কৰে বিলাসীপাৰা, CI, QAT TEAM 48 BN CRPF আৰু সাপটগ্ৰাম আৰক্ষীয়ে।
ধৃত ব্যক্তিকেইগৰাকীৰ নাম ৰিয়াজুল শেখ,আবু বক্কৰ ছিদ্দিক আৰু শাখিল হাইদৰ। ধৃত ব্যক্তি তিনিজনৰ ভিতৰত দুজনৰ ঘৰ সুখচৰ আৰু আন এজনৰ ঘৰ মেঘালয়ৰ পশ্চিম গাৰো হিলত বুলি জানিব পৰা গৈছে । গোপন সূত্ৰৰ ভিত্তিত সাপটগ্ৰাম ৰে’ল ষ্টেচনৰ ওচৰৰ ৰায় টি ষ্টলৰ পৰা মৰণাস্ত্ৰসহ তিনিজন ব্যক্তিক আটক কৰে।
