মৰিগাঁও, ২০ ফেব্ৰুৱাৰী: মৰিগাঁও জিলাৰ ভুৰাগাওঁ আৰক্ষীয়ে যোৱা নিশা অভিযান চলাই বৃহৎ পৰিমাণৰ ভাং জব্দ কৰে। চৰৰ পৰা নাওত আনিছিল ভাংখিনি।
আৰক্ষীয়ে ভুৰাগাওঁৰ শিৱ বাৰী ঘাটত জব্দ কৰে ৯১কেজি ওজনৰ ভাং খিনি। ৰুফুল আমিন নামৰ ব্যাক্তি জনে এই ভাং খিনি লৈ আহিছিল। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ভাং সহ ৰুফুল আমিনক।
