বিশ্বনাথ, ২৭ জুলাই (হি.স.)। বিশ্বনাথ জিলাৰ হেলেম থানা এলেকাত দেওবাৰে পুৱা চলোৱা এক তালাচী অভিযানৰ সময়ত আৰক্ষীয়ে বিপুল পৰিমাণৰ ৬৭ লাখ ৬৯ হাজাৰ ১০০ টকা উদ্ধাৰ কৰে। হেলেম থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পংকজ চিটলা আৰু উপ-পৰিদৰ্শক মহিবুৰ ৰহমানৰ নেতৃত্বত এই তালাচী অভিযান চলোৱা হৈছিল।
আৰক্ষীৰ মতে, ৰাষ্ট্ৰীয় ঘাইপথ-১৫ৰ বুৰাইঘাট অঞ্চলত পুৱা প্ৰায় ৯:৩০ বজাত বাহনসমূহ পৰীক্ষা কৰাৰ সময়ত আৰক্ষীৰ দলটোৱে ইটানগৰৰ পৰা গুৱাহাটী অভিমুখে যোৱা এ আৰ ০১ কে ৮৯০৯ নম্বৰৰ এখন গাড়ী ৰখায়। তালাচীৰ সময়ত গাড়ীখনত ৰখা এটা বেগৰ পৰা মুঠ ৬৭,৬৯,১০০ নগদ ধন উদ্ধাৰ কৰা হয়। যেতিয়া আৰক্ষীয়ে গাড়ীখনত যাত্ৰা কৰা ব্যক্তি দুজনৰ পৰা নগদ ধনৰ বৈধতাৰ সৈতে জড়িত নথি-পত্ৰ বিচাৰিছিল, তেতিয়া তেওঁলোকে কোনো উপযুক্ত প্ৰমাণ দিব পৰা নাছিল। ইয়াৰ পিছতে গাড়ীখনৰ সৈতে দুয়োজন ব্যক্তিকে থানালৈ লৈ যোৱা হয়।
এই নগদ ধনখিনি পেছাত ব্যৱসায়ী আৰু ৰাজস্থানৰ চুৰু জিলাৰ বাসিন্দা বুলি কোৱা চালকৰ আসনত বহি থকা কমল কুমাৰৰ বুলি কোৱা হৈছে। তেওঁ দাবী কৰে যে এই ধনৰাশি ‘পাৰ্টি পেমেণ্ট’ৰ বাবে, কিন্তু ইয়াৰ বাবে কোনো নথি বা বৈধ উৎস দেখুৱাব পৰা নাই। কমল কুমাৰৰ সৈতে গাড়ীখনত বহি থকা বাসুদেৱ পাৰিককো জিম্মাত লোৱা হয়। তেওঁলোক ৰাজস্থানৰ চুৰু জিলাৰ গোগাচৰ অঞ্চলৰ বাসিন্দা । সম্প্ৰতি দুয়োজন ব্যক্তিক হেলেম থানাত জেৰা অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
