
ধুবুৰী, ০৪ ছেপ্টেম্বৰ (হি.স.): ৰাজ্যত পুনৰ সক্ৰিয় হৈ পৰিছে চোৰাং গো সৰবৰাহকাৰীৰ দল । একাংশ মাফিয়াই চলাই গৈছে গো- মাংস আৰু চোৰাং গৰুৰ ৰমৰমীয়া বেহা। নিতৌ ন ন কৌশল অৱলম্বন কৰি গো মাফিয়াই পশ্চিম বংগৰ পৰা দিনে নিশাই অসমলৈ পাৰ কৰিছে গো ধন। তেনে চোৰাং গৰু মাফিয়াৰ বিৰূদ্ধে বিলাসীপাৰাৰ নয়াহাট আৰক্ষীৰ অভিযান।
নয়াহাট আৰক্ষীয়ে বুধবাৰে নিশা অভিযান চলাই ৰাষ্ট্ৰীয় ঘাইপথেদি খেদি খেদি সোনকোষ ৰাষ্ট্ৰীয় ঘাইপথত বিলাসী বাহন ভৰ্তি পাঁচটা গো-ধন সহ এজন সৰবৰাহকাৰী আটক কৰে। বিলাসী বাহন চালক আলী হুছেইনে আন্ধাৰৰ সুযোগ গ্ৰহণ কৰি গাড়ী ৰখাই পলায়ন কৰে। জব্দ কৰা বিলাসী বাহন এএছ ০২ জে ০০০১ নম্বৰৰ বুলি জানিব পৰা গৈছে। আটকাধীন ব্যক্তি জন হল কাজাইকাটা গাওঁৰ বাসিন্দা কুৰাণ আলী বুলি জানিব পৰা গৈছে।পলাতক মহেন্দ্ৰ জাইলো গাড়ীখনৰ চালক আলী হুছেইন। আলী হুছেইনৰ ঘৰ ছুৱাপাতাত বুলি জানিব পৰা গৈছে।পলাতক আলী হুছেইনক বিচাৰি আৰক্ষীৰ তীব্ৰ অভিযান অব্যাহত ৰাখিছে। সম্প্ৰতি চোৰাং গৰু সৰবৰাহকাৰী কুৰান আলী অধিক তথ্যৰ বাবে বিলাসীপাৰা আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
