ডিব্ৰুগড়, ২৩ অক্টোবৰ(হি.স.)। শেহতীয়াকৈ অসমৰ দুলীয়াজানৰ অইল ইণ্ডিয়া লিমিটেড (অইল)ৰ অধীনত ৬৭ নম্বৰৰ তেল খাদত বৃহৎ পৰিমাণৰ তেল নিৰ্গত হোৱা ঘটনাৰ সৈতে জৰিত থকাৰ অভিযোগত চাৰিজন সন্দেহযুক্ত লোকক দুলীয়াজান আৰক্ষীয়ে আটক কৰিব সক্ষম হৈছে।
অইলৰ তথ্য অনুসৰি ৰাষ্ট্ৰীয় ঘাইপথ ৬৭ ত স্থাপন কৰা এটা এক্স-মাছ ট্ৰি ফ্ল’ কণ্ট্ৰ’ল ভালভ এছেম্বলিত তেল চুৰিৰ লক্ষ্যৰে দুষ্ট চক্ৰই ভাঙি পেলোৱাৰ অভিযোগ উত্থাপন কৰে। ভাঙি-ছিঙি পেলোৱাৰ ফলত দুষ্কৃতিকাৰীয়ে কাটি পেলোৱা ফাটটোৰ পৰা অনিয়ন্ত্ৰিতভাৱে তৰল পদাৰ্থ ছিটিকি পৰে যিবোৰৰ বেছিভাগেই পানী আছিল।
আৰক্ষীৰ অনুসন্ধানত মিথু নায়ক, সঞ্জীৱ মুণ্ডা, সঞ্জীত মুণ্ডা, আৰু ছাইফুল আলী নামৰ চাৰিজন সন্দেহযুক্ত লোকক চিনাক্ত কৰা হৈছে। অইলৰ চৰকাৰী বিজ্ঞপ্তি অনুসৰি ১৯ অক্টোবৰৰ নিশা প্ৰায় ৯.৩০ বজাত দুলীয়াজানৰ সমীপৰ গাজল বস্তিত উক্ত ঘটনা সংঘটিত হোৱা বুলি জনাইছিল। ইয়াৰ উপৰিও জিলা প্ৰশাসনক ঘটনাটোৰ বিষয়ে কোম্পানীটোৱে অৱগত কৰিছিল আৰু এই সন্দৰ্ভত স্থানীয় আৰক্ষী থানাতো এজাহাৰ দাখিল কৰিছিল বুলি লগতে কয়।
হিন্দুস্থান সমাচাৰ /ৰমেন/মনোজ
