তিনিচুকীয়া, ২৫ অক্টোবৰ (হি স)। তিনিচুকীয়া জিলাৰ ডিগবৈত সংঘটিত হৈছে এক লোমহৰ্ষক ঘটনা। পুত্ৰই হত্যা কৰিলে পিতৃক। যোৱা নিশা পানীখোৱাত সংঘটিত হৈছে এই ঘটনা । নিজ পুত্ৰই কাঠৰ টুকুৰাৰে মৰিয়াই মৰিয়াই হত্যা কৰিলে পিতৃক । মৃত পিতৃৰ নাম ৰূপ সিং ছাহানী বুলি পৰিচয় পোৱা গৈছে।
ঘৰুৱা কন্দলৰ পৰিণতি এই ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। ইতিমধ্য়ে হত্যাকাৰী পুত্ৰ ৰাজু ছাহানীক আৰক্ষীয়ে আটক কৰিছে।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
