ধুবুৰী, ২৫ নৱেম্বৰ (হি.স.): ধুবুৰী জিলাৰ গোলোকগঞ্জৰ ৰতিয়াদহত যোৱাকালি নিশা চুৰি কাণ্ড সংঘটিত হয়। চোৰে ৰতিয়াদহ বজাৰৰ মা জুয়েলাৰ্চ নামৰ গহনাৰ দোকান তলা ভাঙি দোকান খনৰ সোন, ৰূপৰ আ- অলংকাৰ লুটি লৈ যায়। মাজনিশা এই চুৰি কাণ্ড সংঘটিত হয় বুলি জানিব পৰা গৈছে ।
দোকান খনত প্ৰায় সোনৰ অলংকাৰ আছিল ২ ভৰি, ৰূপৰ অলংকাৰ আছিল ২ কেজি আৰু নগদ ধন ৭ হাজাৰ টকা আছিল বুলি জানিব পৰা গৈছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
