
ধুবুৰী, ০৫ ছ (হি.স.): ধুবুৰী জিলাৰ গোলকগঞ্জৰ হালাকুৰা বজাৰত যোৱা কালি বৃহস্পতিবাৰে সন্ধিয়া নকল নোট উদ্ধাৰ কৰা হয়। গোলকগঞ্জ আৰক্ষীৰ অভিযানত জব্দ কৰা হয় ২০০ আৰু ৫০০ টকীয়া নকল নোট। নকল নোটৰ ব্যৱসায়ৰ লগত জড়িত আবু তাহেৰ আলীক আটক কৰা হৈছে।
গোপন খবৰৰ ভিত্তিত গোলকগঞ্জ আৰক্ষীয়ে হালাকুৰা আসাম গ্ৰামীণ বিকাশ বেংকৰ সন্মুখত অভিযান চলায়। মিজানুৰ ৰহমানৰ ই-ৰিক্সাত গেলামাল সামগ্ৰীৰ ভিতৰত আনিছিল নকল নোটসমূহ। ২০০ আৰু ৫০০ টকীয়া মুঠ ১ লাখ ৭৫ হাজাৰ ৪০০ টকাৰ নকল নোট জব্দ কৰা হয়।
ধৃত আবু তাহেৰ আলীৰ ঘৰ আগমনীৰ উত্তৰ মৰাগদাধৰ বুলি জানিব পৰা গৈছে। পূৰ্বেও আবু তাহেৰ আলীয়ে ১ লাখ টকাৰ নকল নোট সৰবৰাহ কৰাৰ অভিযোগ উত্থাপিত হৈছে। ধৃত নকল নোট সৰবৰাহকাৰীক গোলকগঞ্জ আৰক্ষীয়ে সোধ-পোচ অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
