নতুন দিল্লী ০৪ আগষ্ট (হি.স.)। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ দ্বি-মাহেকীয়া মুদ্ৰানীতি সমিতিৰ তিনিদিনীয়া পৰ্যালোচনা বৈঠক সোমবাৰৰ পৰা মুম্বাইত আৰম্ভ হয়। ৬ আগষ্টত অনুষ্ঠিত হ’বলগীয়া এম পি চিৰ পৰ্যালোচনা বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তৰ বিষয়ে তথ্য দিব আৰ বি আইৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাই।ৰিজাৰ্ভ বেংকে পুনৰবাৰ নীতিগত সুতৰ হাৰ অৰ্থাৎ ৰেপ’ ৰেট ০.২৫ শতাংশ হ্ৰাস কৰিব পাৰে।
অৰ্থনৈতিক বিশেষজ্ঞসকলে কয় যে আমেৰিকাৰ শুল্ক যুদ্ধ আৰু বিশ্বৰ অনিশ্চয়তাই মুঠ ঘৰুৱা উৎপাদন (জিডিপি) (বৃদ্ধি)ত প্ৰভাৱ পেলাব পাৰে। এনে পৰিস্থিতিত ৰিজাৰ্ভ বেংকে নীতিগত সুতৰ হাৰ ৰেপো হাৰ ০.২৫ শতাংশ কমাব পাৰে, যাতে বৃদ্ধিৰ সমৰ্থন কৰিব পৰা যায়। ৰিপো ৰেট হ’ল বেংকে আৰ বি আইৰ পৰা ঋণ লোৱা সুতৰ হাৰ। যেতিয়া আৰ বি আইয়ে ৰেপো ৰেট হ্ৰাস কৰে তেতিয়া বেংকে সস্তীয়া ঋণ লাভ কৰে, যাৰ সুবিধা তেওঁলোকে গ্ৰাহকলৈ প্ৰেৰণ কৰে।
ৰিজাৰ্ভ বেংকে চলিত বৰ্ষত একেৰাহে তিনিবাৰকৈ পলিচি ইন্টাৰেষ্ট ৰেট ৰেপো ৰেট ১ শতাংশ হ্ৰাস কৰিছে। ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হোৱা এম পি চিৰ বৈঠকত আৰ বি আইয়ে ৰেপো ৰেট ৬.৫০ শতাংশৰ পৰা ৬.২৫ শতাংশলৈ হ্ৰাস কৰিছিল। এই হ্ৰাস প্ৰায় ৫ বছৰৰ পিছত কৰা হৈছিল। এপ্ৰিল মাহত অনুষ্ঠিত হোৱা বৈঠকত দ্বিতীয়বাৰৰ বাবে সুতৰ হাৰো ০.২৫ শতাংশ হ্ৰাস কৰাৰ বিপৰীতে তৃতীয়বাৰৰ বাবে জুন মাহত ৰেপো হাৰ ০.৫০ শতাংশ হ্ৰাস কৰা হয়। বৰ্তমান ৰেপো ৰেট ৫.৫০ শতাংশ।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
