নতুন দিল্লী, ০৯ জুলাই (হি.স.)। আইচিআইচিআই প্ৰুডেন্সিয়েল এচেট মেনেজমেণ্ট কোম্পানীয়ে আইপিঅ’ৰ বাবে মাৰ্কেট ৰেগুলেটৰ ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ ব’ৰ্ড অৱ ইণ্ডিয়া (ছেবি)ৰ ওচৰত ড্ৰাফ্ট ৰেড হেৰিং প্ৰস্পেক্টচ (ডিআৰএইচপি) দাখিল কৰিছে। এই আই পি অ’ৰ অধীনত অফাৰ ফৰ চেল উইণ্ড’ৰ জৰিয়তে ১.৭৬ কোটি শ্বেয়াৰ বিক্ৰী কৰা হ’ব। আই পি অ’ৰ অধীনত কোনো নতুন শ্বেয়াৰ জাৰি কৰা নহ’ব, বৰঞ্চ বৰ্তমানৰ শ্বেয়াৰহোল্ডাৰসকলে তেওঁলোকৰ অংশীদাৰিত্ব হ্ৰাস কৰিব।
এই আই পি অ’ৰ বাবে অভিলেখ ১৮ জন মাৰ্চেণ্ট বেংকাৰ নিযুক্তি দিয়া হৈছে। এই মাৰ্চেণ্ট বেংকাৰসকলৰ ভিতৰত আছে মৰ্গান ষ্টেনলি ইণ্ডিয়া, চিটিগ্ৰুপ গ্ল’বেল মাৰ্কেটছ ইণ্ডিয়া, নোমুৰা ফাইনেন্সিয়েল এডভাইজাৰী এণ্ড ছিকিউৰিটিজ (ইণ্ডিয়া), কোটক মহিন্দ্ৰা কেপিটেল কোম্পানী, আইচিআইচিআই ছিকিউৰিটিজ, এইচডিএফচি বেংক, এছবিআই কেপিটেল মাৰ্কেটছ আৰু গোল্ডমেন চেক্স (ইণ্ডিয়া) ছিকিউৰিটিজ। ভাৰতীয় আই পি অ’ বজাৰত ইমান বৃহৎ সংখ্যক মাৰ্চেণ্ট বেংকাৰে আই পি অ’ পৰিচালনা কৰা নাছিল। মাৰ্চেণ্ট বেংকাৰৰ এই সংখ্যা ভাৰতীয় আই পি অ’ বজাৰৰ বাবে এক নতুন অভিলেখ।
উল্লেখযোগ্য যে এই আই পি অ’ আৰম্ভ আৰু তালিকাভুক্ত হোৱাৰ পাছত ই আই চি আই চি আই গ্ৰুপৰ শ্বেয়াৰ বজাৰত ব্যৱসায় কৰা পঞ্চমটো কোম্পানী হিচাপে পৰিগণিত হ’ব। ইয়াৰ পূৰ্বে আইচিআইচিআই বেংক, আইচিআইচিআই প্ৰুডেন্সিয়েল লাইফ ইনশ্বুৰেন্স কোম্পানী, আইচিআইচিআই ছিকিউৰিটিজ আৰু আইচিআইচিআই লম্বাৰ্ড জেনেৰেল বীমা কোম্পানীক শ্বেয়াৰ বজাৰত তালিকাভুক্ত কৰা হৈছে। একেদৰে তালিকাভুক্ত হোৱাৰ পিছত শ্বেয়াৰ বজাৰত তালিকাভুক্ত হোৱা ষষ্ঠটো সম্পত্তি পৰিচালনা কোম্পানী (এএমচি) হ’ব। ইয়াৰ পূৰ্বে ইউটিআই এএমচি, এইচডিএফচি এএমচি, শ্ৰীৰাম এএমচি, আদিত্য বিৰলা ছান লাইফ এএমচি আৰু নিপ্পন লাইফ ইণ্ডিয়া এএমচি ইতিমধ্যে শ্বেয়াৰ বজাৰত তালিকাভুক্ত হৈছে।
কোম্পানীটোৱে প্ৰদান কৰা তথ্য অনুসৰি আইচিআইচিআই প্ৰুডেন্সিয়েল এচেট মেনেজমেণ্ট কোম্পানীয়ে ১৯৯৮ চনৰ পৰা আইচিআইচিআই বেংক আৰু লণ্ডনৰ প্ৰুডেন্সিয়েল কৰ্প’ৰেশ্যন হোল্ডিংছৰ মাজত ৫১:৪৯ৰ অংশীদাৰিত্বৰে ব্যৱসায় কৰি আহিছে। আইচিআইচিআই প্ৰুডেন্সিয়েল এচেট মেনেজমেণ্ট কোম্পানী গড় ত্ৰিমাসিক সম্পত্তি পৰিচালনাৰ অধীনত (একিউএউম)ৰ ক্ষেত্ৰত দেশৰ দ্বিতীয় বৃহত্তম এমচি।
কোম্পানীটোৰ দাবী অনুসৰি ইয়াৰ বজাৰ অংশীদাৰিত্ব ১৩ শতাংশ হোৱাৰ বিপৰীতে গ্ৰাহকৰ সংখ্যা ১.৪৬ কোটি হৈছেগৈ। দাবী কৰা হৈছে যে কোম্পানীটোৰ আৰ্থিক অৱস্থাও শক্তিশালী হৈ আছে। ২০২৪-২৫ বিত্তীয় বৰ্ষত কোম্পানীটোৰ লাভ ২৬৫০.৭০ কোটি টকা, যিটো বছৰি ২৯.৩ শতাংশ বৃদ্ধি। এই সময়ছোৱাত কোম্পানীটোৰ ৰাজহ ৩৮.৭০ শতাংশ বৃদ্ধি পাই ৪৬৮২.৮০ কোটি টকা হৈছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
