বহু প্ৰত্যাশিত ছবি ‘বেটল অৱ গলৱান’ৰ বাবে আজিকালি অহৰহ শিৰোনাম দখল কৰি আছে ছলমান খান। এই ডাঙৰ প্ৰজেক্টটোৰ নেতৃত্বত আছে পৰিচালক অপূৰ্ব লখিয়াই, যিয়ে কেৱল ছবিখন পৰিচালনা কৰাই নহয়, ইয়াৰ কাহিনীও লিখিছে। ২০২০ চনত গলৱান উপত্যকাত সংঘটিত হোৱা ঐতিহাসিক সংঘৰ্ষৰ আধাৰত নিৰ্মিত ছবিখনৰ কাহিনী, য’ত ছলমান খানক ভাৰতীয় সেনাৰ সাহসী কৰ্ণেল সন্তোষ বাবুৰ চৰিত্ৰত অভিনয় কৰা দেখা যাব। শেহতীয়াকৈ ছবিখনৰ প্ৰথমখন মোচন পোষ্টাৰ মুকলি কৰা হৈছে, যিয়ে অনুৰাগীসকলৰ মাজত প্ৰচণ্ড উৎসাহৰ সৃষ্টি কৰিছে।
ছলমানে দাড়ি আৰু গোঁফ চাফা কৰি চুলিও চুটি কৰিছে, যাৰ বাবে তেওঁৰ চেহেৰাটো কঠোৰ আৰু অনুশাসিত সৈনিকৰ দৰে দেখা গৈছে। ইয়াৰ লগতে তেওঁৰ ওজনো কমিছে, যাতে তেওঁ চৰিত্ৰটোৰ শাৰীৰিক গঠনৰ ওচৰ চাপিব পাৰে। প্ৰতিবেদন অনুসৰি ছলমানে এই ভূমিকাৰ বাবে কঠোৰ পৰিশ্ৰম কৰি আছে। সুৰাৰ পৰা বিৰত থাকি নিয়মিতভাৱে ৱৰ্কআউট কৰি আছে যাতে কৰ্ণেল সন্তোষ বাবুৰ মৰ্যাদা আৰু শক্তিক পৰ্দাত শুদ্ধকৈ চিত্ৰিত কৰিব পৰা যায়।
ভূমিকাৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি তেওঁ নিজৰ খাদ্যাভ্যাস সম্পূৰ্ণ স্বাস্থ্যসন্মত আৰু সহজ কৰি তুলিছে। ছলমানে আজিকালি কেৱল ঘৰতে ৰন্ধা খাদ্যহে খাইছে, য’ত আছে সেউজীয়া শাক-পাচলি আৰু ক্ষীণ প্ৰ’টিন। তেওঁ সকলো ৰিফাইন কাৰ্বৰ পৰা নিজকে আঁতৰাই ৰাখিছে আৰু প্ৰতিদিনে মাত্ৰ অকমান ভাতত সীমাবদ্ধ হৈ আছে।
শিৱ আৰূৰ আৰু ৰাহুল সিঙে ৰচনা কৰা বিখ্যাত গ্ৰন্থ ‘ইণ্ডিয়াজ মোষ্ট ফিয়াৰলেছ-৩’ৰ এটা অধ্যায়ৰ পৰা অনুপ্ৰাণিত ‘গলৱান যুদ্ধ’ৰ কাহিনী। এই ছবিখনৰ প্ৰতি ছলমানৰ সমৰ্পণে তেওঁৰ চৰিত্ৰটোক আৰু অধিক আকৰ্ষণীয় কৰি তোলাৰ ইংগিত দিয়ে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
