নতুন দিল্লী, ২২ আগষ্ট (হি.স.)। ভাৰতৰ প্ৰথমটো সংহত গ্ৰীণফিল্ড স্মাৰ্ট ইণ্ডাষ্ট্ৰিয়েল চিটি প্ৰকল্পত মহাৰাষ্ট্ৰৰ ছাত্ৰপতি সম্ভাজিনগৰৰ শ্বেন্দ্ৰ-বিডকিন ঔদ্যোগিক এলেকাত কেইবাটাও কোম্পানীক ঔদ্যোগিক প্লট আবণ্টনৰ অনুমোদন লাভ কৰিছে। এই প্ৰকল্পসমূহে ২০০ কোটিতকৈ অধিক বিনিয়োগ আনিব আৰু প্ৰায় ১০০০ চাকৰিৰ সৃষ্টি কৰিব।
মহাৰাষ্ট্ৰৰ ছাত্ৰপতি সম্ভাজিনগৰত অৱস্থিত শেন্দ্ৰ-বিডকিন ঔদ্যোগিক এলেকা ঔৰংগাবাদ ঔদ্যোগিক চহৰ (অৰিক) নামেৰে জনাজাত। ইয়াক ৰাষ্ট্ৰীয় ঔদ্যোগিক কৰিডৰ উন্নয়ন নিগমৰ অধীনত গঢ়ি তোলা হৈছে। ইয়াত অনুমোদিত প্লটসমূহত বিশেষ খাদ্য সামগ্ৰী, কাগজৰ সামগ্ৰী, ইলেক্ট্ৰনিকছ উৎপাদন, পথ নিৰ্মাণ সঁজুলি আৰু মিশ্ৰণ ঢালাইকে ধৰি বিভিন্ন খণ্ডত বিস্তৃত কেইবাটাও উদ্যোগ আছে। দিল্লী-মুম্বাই ঔদ্যোগিক কৰিডৰ (ডি এম আই চি)ৰ অধীনত ইয়াক বিকশিত কৰা হৈছে।
বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ তথ্য অনুসৰি ইয়াত অৱস্থিত প্ৰকল্পসমূহে মুঠ ২০০ কোটিতকৈ অধিক বিনিয়োগ আনিব আৰু ইয়াৰ ফলত প্ৰায় ১০০০ টা চাকৰিৰ সৃষ্টি হ’ব বুলি আশা কৰা হৈছে। অঞ্চলটোত বিনিয়োগ আৰু উদ্যোগিক বিকাশৰ প্ৰসাৰৰ বাবে উদ্যোগৰ অংশীদাৰসকলৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি আছে চৰকাৰে। শেহতীয়াকৈ কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱাল আৰু উদ্যোগ আৰু আভ্যন্তৰীণ বাণিজ্য প্ৰসাৰ বিভাগৰ সচিব অমৰদ্বীপ সিং ভাটিয়াই এই অঞ্চলসমূহলৈ যোৱা ভ্ৰমণত নীতিৰ কাঠামো শক্তিশালী কৰা, উদ্যোগ সম্পৰ্কীয় সমস্যাসমূহ সমাধান কৰা আৰু বিনিয়োগকাৰীৰ আস্থা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
