বাজেট দাখিল কৰাৰ পূৰ্বে এছিয়ান ডেভেলপমেণ্ট বেংকে চলিত বিত্তীয় বৰ্ষ ২০২৪-২৫ৰ বাবে ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন (জিডিপি) বৃদ্ধিৰ হাৰৰ অনুমান সাত শতাংশত অপৰিৱৰ্তিত ৰাখিছে। ইয়াৰ লগতে এডিবিয়ে স্বাভাৱিকতকৈ উন্নত বাৰিষাৰ প্ৰক্ষেপণৰ প্ৰতি লক্ষ্য ৰাখি কৃষি খণ্ডত উন্নতিৰ আশা কৰিছে।
